
লংকাঃ এজাক বৰষুণ দিলেই এতিয়া বিলাই বিপত্তি নোহোৱা হৈ পৰে লংকাৰ সাধাৰণ জনতাৰ। কিয়নো লংকা পৌৰসভাৰ অন্তৰ্গত প্ৰতিটো অঞ্চলত থকা পথ-উপপথসমূহ এজাক মূষলধাৰ বৰষুণতেই পানীৰে উপচি পৰে।
লংকা পৌৰসভা তথা বিধায়কৰ অমনোযোগিতাৰ বাবেই এনেদৰে অস্বাস্থ্যকৰ পৰিৱেশত থাকিব লগা হোৱা বুলি লংকাবাসী ৰাইজে অভিযোগ কৰিছে।
লংকাৰ ২ নং ৱাৰ্ডৰ প্ৰায় ২০ টাকৈ পৰিয়াল কৃত্ৰিম বানপানীত আবদ্ধ। নলা-নৰ্দমা পৰিষ্কাৰ নকৰাৰ ফলতেই এনেদৰে এতিয়া কৃত্ৰিম বানপানীৰ কৱলত পৰিছে লংকা এইসকল লোক। ঘৰৰ ভিতৰতো এতিয়া একাঠু পৰ্যন্ত পানী।
এনেদৰে ঘৰৰ ভিতৰে বাহিৰে জমা হোৱা পানীৰ সৈতে সহবস্থান কৰাৰ ফলত অচিন ৰোগত আক্রান্ত হৈ ১৫ দিনতে দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজন লোকৰ দেহত নানান অচিন ৰোগে দেখা দিছে।
এই ক্ষেত্ৰত, ভূক্তভোগী ৰাইজে লংকাৰ পৌৰপতি তথা স্থানীয় বিধায়কক বাৰম্বাৰ অৱগত কৰাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোক।
অনাগত দিন বোৰত যদি লংকা পৌৰসভা তথা বিভাগীয় কৰ্তৃপক্ষই এই কৃত্ৰিম বান সমস্যাৰ এক স্থায়ী সমাধন নকৰে তেন্তে সমগ্ৰ লংকা চহৰ খন যে এক ভয়ংকৰ কৃত্ৰিম বানৰ কবলত পৰিব সেয়া নিশ্চিত বুলি ৰাইজে মত প্ৰকাশ কৰিছে।