আমগুৰিঃ ১৯৯১ চনত বিদ্ৰোহী সংগঠনে গুলীয়াই হত্যা কৰিছিল স্পষ্টবাদী, নিৰ্ভীক সাংবাদিক কমলা শইকীয়াক৷ কিন্তু আজিও ধৰা নপৰিল কমলা শইকীয়াক গুলীৰে থকা সৰকা কৰা অপৰাধী৷ ৰাজ্যৰ দল-সংগঠনে সাংবাদিক কমলা শইকীয়াৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী জনাই আহিছে যদিও আজিও ধৰা নপৰিল অপৰাধী৷ 

চৰকাৰে পাহৰিলেও অসমৰ ৰাইজ দল-সংগঠনে পাহৰা নাই৷ স্পষ্টবাদী, নিৰ্ভীক সাংবাদিকৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে একাংশ ছাত্ৰ সংগঠন আৰু সাংবাদিকগৰাকীৰ জন্মস্থান দিখৌমুখৰ ৰাইজে প্ৰতিমূৰ্তি স্খাপন কৰে৷ কমলা শইকীয়াৰ জন্মস্থান দিখৌমুখ গায়েন গাঁৱত আছে ‘শান্তিবন’ তেওৰ সমাধি ক্ষেত্র৷ চৰকাৰে তথা কোনো দল-সংগঠনে সাংবাদিকগৰাকীৰ কোনো আৱক্ষ প্রতিমূৰ্তি নাছিল৷ 

অসমৰ প্রখ্যাত শিল্পী বিৰেণ সিংহক সাংবাদিকগৰাকীৰ প্রতিমূৰ্তি নিৰ্মাণৰ দ্বায়িত্ব গ্ৰহণ কৰিছিল বিগত বৰ্ষৰ ২৮ অক্টোবৰত৷ কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতি, দিখৌমুখ আঞ্চলিক ছাত্র সন্থা আৰু দিখৌমুখ প্রেছ ক্লাৱৰ উদ্যোগত প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ আৱক্ষ প্রতিমূৰ্তি নিৰ্মাণ কৰি উলিয়াই প্রখ্যাত শিল্পী বিৰেণ সিংহই৷ শ্বহিদ সাংবাদিক কমলা শইকীয়াৰ জন্মস্থান দিখৌমুখত স্থাপন কৰা আৱক্ষ প্রতিমূৰ্তিটো দেওবাৰে মুকলি কৰা হয়৷ 

অসমৰ প্রথমজন শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ প্ৰতিমূৰ্তি উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰবীণ সাংবাদিক কনকসেন ডেকাই। সাংবাদিকজনৰ জন্মভূমি দিখৌমুখত দিখৌমুখ আঞ্চলিক ছাত্ৰ সন্থা আৰু দিখৌমুখ প্ৰেছ ক্লাৱৰ উদ্যোগত দিখৌমুখৰ ভৰলুৱাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ প্ৰাংগনত নিৰ্ভিক সাংবাদিক, শিক্ষাবিদ তথা সমাজ সংগঠকৰ আৱক্ষ প্ৰতিমূৰ্তি স্থাপন কৰা হয়৷ 

১৯২০ চনত সেইসময়ৰ শিৱসাগৰ জিলাৰ এক অত্যন্ত ভিতৰুৱা অঞ্চল দিখৌমুখৰ গোৱাল গায়ন গাঁৱত জন্মগ্ৰহণ কৰা জাতীয়তাবাদী নিৰ্ভীক সাংবাদিকজনক সমালোচনামূলক সাংবাদিকতাৰ বাবেই ১৯৯১ চনৰ ৯ আগষ্টত সন্দেহ কৰা মতে আলফাই অতি নিৰ্মমভাৱে গুলীয়াই হত্যা কৰে। 

স্বাধীনোত্তৰ কালত আধুনিক দিখৌমুখ অঞ্চলৰ খনিকৰৰূপে অঞ্চলটোৰ উন্নয়নত এক বিশেষ ভূমিকা গ্ৰহণ কৰা আপোচহীন সাংবাদিক গৰাকীৰ মৃত্যুৰ ২৭টা বছৰ পাৰ হৈ যোৱাৰ পাছতো কিন্তু ধৰা নপৰিল হত্যাকাৰী। বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহৰ দ্বাৰা নিৰ্মিত এই প্ৰতিমূৰ্তি উন্মোচনী সভাত ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট সাংবাদিকৰ লগতে বহু গন্য-মান্য ব্যক্তি উপস্থিত থাকে।