
নলবাৰীঃ বিহগী কবি, অসমীয়া সাহিত্য জগতৰ ভোটা তৰা ৰঘূনাথ চৌধাৰীৰ আৱক্ষ প্ৰতিমূৰ্ত্তী স্থাপন হ’ব মুকালমুৱাত।প্ৰকৃতি, চৰাই দেখি ভাব সাগৰত বিভোৰ হৈ পৰা অসামান্য কবিতাৰগৰাকী ৰঘূনাথ চৌধাৰীৰ আৱক্ষ প্ৰতিমূৰ্ত্তী স্থাপন হ’ব ৬০ নম্বৰ বৰক্ষেত্ৰী বিধান সভাৰ অন্তৰ্গত ঐতিহাসিক ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত৷
ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোনালী জয়ন্তী উৎসৱৰ সৈতে সংগতি ৰাখি আজি বিদ্যালয় খনৰ প্ৰাংগনত অসম গৌৰৱ বিহগী কবি ৰঘুনাথ চৌধুৰীৰ এটি আৱক্ষ মূৰ্ত্তিৰ শিলান্যাস কৰা হয়।
এই অনুষ্ঠানত স্থানীয় বিধায়ক নাৰায়ণ ডেকাৰ লগতে সোনালী জয়ন্তী উদযাপনৰ বিষয়ববীয়া, পৰিচালনা কমিটি, স্থানীয় ৰাইজ তথা বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰিসকল উপস্থিত থাকে।
কবিগৰাকীৰ এটা আৱক্ষ মূৰ্ত্তি স্থাপন কৰাৰ বৰক্ষেত্ৰী ৰাইজৰ দিৰ্ঘদীনিয়া সপোন আছিল। আজি কবিজনাৰ আৱক্ষ মূৰ্ত্তি স্থাপনৰ শিলান্যাস কৰা হয়। এই কাৰ্যত অঞ্চলবাসীয়ে সন্তোষ প্ৰকাশ কৰে৷