
বৰক্ষেত্ৰীঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দুখনকৈ সমবায় সমিতিৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ স্থগিতাদেশে আজি অংশীদাৰ সদস্য সকলৰ মাজত হাহাকাৰৰ সৃষ্টি কৰে। উত্তৰ বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতি আৰু পশ্চিম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ নমিনেচনৰ প্ৰক্ৰিয়া চলি আছিল।
কিন্তু কিছুমান অংশীদাৰে ভোটাৰ তালিকাত মৃত ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈ থকা, নমিনেচন দাখিলৰ বাবে কম পক্ষেও বিগত পাছ বছৰৰ কাৰ্যকালত অংশীদাৰ সকলে দুখন সাধাৰণ সভাত উপস্থিত থকাৰ জাননী নিদিয়া আদি অভিযোগ দিয়াৰ পিছত আজি নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্তৰ স্বাক্ষৰিত এখন জাননী দি সমবায় দুখনৰ নিৰ্বাচন প্ৰক্ৰিয়া স্থগিত ৰাখে।
আনহাতে সমবায় কৰ্তৃপক্ষই এই অভিযোগ খণ্ডন কৰি কমেও দুখন সাধাৰণ সভাত উপস্থিত থকাৰ জাননী সময়ে সময়ে দি অহাৰ কথা উল্লেখ কৰে। আজিৰ এই নিৰ্বাচন প্ৰক্ৰিয়া স্থগিতৰ নিৰ্দেশৰ পিছত আন এচাম অংশীদাৰে নিৰ্বাচন প্ৰক্ৰিয়া চলাই নিয়াৰ বাবে উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰে।
এনেদৰে দুখনকৈ সমবায় সমিতিৰ নিৰ্বাচন প্ৰক্ৰিয়া স্থগিত কৰাত সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।