22
Sep
2017

লখিমপুৰঃ আজি কাহিলি পুৱাতে অহা বা-মাৰলিয়ে মিলননগৰ-চেতিয়া গাঁৱৰ প্ৰায় ১০ টা বাসগৃহৰ বিস্তৰ ক্ষতি সাধন কৰে।
ধুমুহাত ঘৰৰ ইটা-টিনপাত পৰি হৰেণ গগৈ আৰু লম্বোদৰ টাইদ নামৰ চেতিয়া গাঁৱৰ দুজন ব্যক্তি গুৰুতৰ আঘাতপ্ৰাপ্ত হোৱাৰ লগতে আন কেঁবাজনৰো কথমপি প্ৰাণৰক্ষা পৰে।
ধুমুহাই পকি ঘৰৰ টিনপাত প্ৰায় ২০০ মিটাৰ পৰ্য্যন্ত উৰুৱাই নিয়াৰ লগতে বিদ্যুৎ সংযোগী তাঁৰত উলমি আছে ঘৰৰ টিংপাত। বৰ্তমানো অঞ্চলটোত বিদ্যুৎ সংযোগ বিছিন্ন হৈ আছে৷