15
Mar
2017

নাৰায়নপুৰঃ ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ সৌৰভ অধিকাৰী কিশোৰটোৰ দুয়োখন হাত জন্মগতভাৱেই অক্ষম। তথাপি দুভৰিৰ শক্তিৰেই সুন্দৰভাৱে কৰি লিখা-পঢ়া আহিছে নাৰায়ণপুৰৰ বিশেষভাৱে সক্ষম এই কিশোৰটোৱে।
ছবি অঁকাত খুবেই মন, সৰুৰে পৰা সুন্দৰভাৱে আঁকি আহিছে বহুতো সুন্দৰ সুন্দৰ ছবি।পিতৃহাৰা সৌৰভৰ কেৱল মাকে দিন-হাজিৰা কৰি যাৱতীয় সকলো সামগ্ৰী যোগান ধৰাত সক্ষম হ'ব পৰা নাই যদিও কোনোমতে চলাই আছে ঘৰখন।
ভৱিষ্যতে এজন কম্পিউটাৰ ইঞ্জিনিয়াৰ নাইবা কম্পিউটাৰ শিক্ষক হোৱাৰ সপোন দেখে সৌৰভে। সৌৰভৰ পৰিয়ালটোৰ ৰাজ্য চৰকাৰলৈ আহ্বান এক সুখৰ জীৱন অতিবাহিত কৰিবৰ বাবে সহায় কৰক দুচকুত অযুত সপোন পুহি ৰখা এই কিশোৰটোক।