পাঞ্জাবাৰীঃ এবুকু দুখত এতিয়া নজহা দিন নপমা ৰাতি আমছাঙৰ খিলঞ্জীয়াৰ৷ ৰাজনৈতিক দলৰ ভোট বেংক হিচাপে ব্যৱহাৰ হৈ অহা আমছাঙৰ বুকুত চলিল উচ্ছেদ৷

গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ২৭/২০১৩ গোচৰৰ চুড়ান্ত ৰায়ৰ পিছতেই যোৱা ২৫ আগষ্টত অসম চৰকাৰৰ বন বিভাগে অসম আৰক্ষী, অৰ্ধ সামৰিক বাহিনী, এছ ডি আৰ এফৰ বৃহৎ দলৰ সহযোগত এদিনতে ২৮৩ টা পৰিয়ালক উচ্ছেদ কৰে।তাৰ পাছতেই এতিয়া গৃহহীন আৰু ভূমিহীন হৈ আমছাঙৰ খিলঞ্জীয়াই আশ্ৰয় লব লগা হৈছে পথৰ দাঁতিত কিম্বা গছৰ তলত৷

কিন্তু যাক লৈ চিন্তা কৰাৰ প্ৰয়োজনবোধ নকৰে ৰাজ্য চৰকাৰ কিম্বা প্ৰশাসনে৷ আনহাতে বৃদ্ধ-বণিতাৰ কৰুণ বিননিয়ে কপাইছে আমছাঙৰ আকাশ বতাহ৷ শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে ছাত্ৰ-ছাত্ৰীসকল৷

ইয়াৰ পাছতো এইসকল লোকৰ জীৱনক লৈ হেতালি খেলা চৰকাৰ আৰু প্ৰশাসনে কেতিয়া এইসকল লোকৰ সংস্থাপনৰ ব্যৱস্থা কৰিব আৰু আমছাঙত নিশ্চিত জৰীপ কেতিয়া কৰিব সেয়া লৈ এতিয়া প্ৰশ্নৰ উদয় হৈছে৷