
ছিপাঝাৰঃ আছে গৰু নাবাই হাল, হোৱাতকৈ নোহোৱাই ভাল৷ হয়, গৰু থাকিলেই নহ’ব হাল বাব পাৰিব লাগিব৷ যদি হাল নাবাই গৰুৰ প্ৰয়োজন কিয়৷ এই প্ৰশ্ন আমাৰ নহয় ৰাজ্যৰ দুটাকৈ বিধান সভা সমষ্টিৰ সীমামূৰীয়া ৰাইজৰ৷ দৰং জিলাৰ ছিপাঝাৰ আৰু মঙলদৈ বিধানসভা সমষ্টিৰ সীমান্তৰ মাৰৈ-মানৈঘাট গড়কাপ্তানী পথত এখন দলং সাজিছিল চৰকাৰে৷
পথটোৰ জৰাজীৰ্ণ অৱস্থা আৰু দলং নথকাৰ বাবে আহ-যাহত ব্যাপক সমস্যা হোৱাত ৰাইজে দলং আৰু পথটো নিৰ্মাণ কৰাৰ দাবী জনাই আহিছিল৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে পথটোৰ দলংখন নিৰ্মণ কৰিলে ঠিকেই, পিছে 'আছে গৰু নাবাই হাল’ বোলা কথাষাৰৰ দৰে হৈ থাকিল দলংখন৷
ডেৰবছৰ পূৰ্বে নিৰ্মাণ কৰা দলংখনেৰে আজিলৈ এজনো লোক পাৰ হ’ব পৰা নাই৷ কিয়নো ওখকৈ সজা দলংখনৰ দুয়ো মূৰে মাটি নিদিয়াত মানুহ আহ-যাহ কৰিব নোৱাৰে৷ পথটোৰ শাকতোলা নৈৰ ওপৰত থকা দলংখন ডেৰ বছৰ পূৰ্বে নিৰ্মাণ কৰি ভেকেভাওনা কৰি ৰখা বুলি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ যাৰ ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে৷
পৰিৱৰ্তনৰ বতাহত নিজকে কংগ্ৰেছৰ পৰা সলনি কৰি বিজেপি সজালে যদিও ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই সলনি কৰিব নোৱাৰিলে সমষ্টিটোৰ বাট-পথ৷ পৰিৱৰ্তন কেতিয়া বুলি প্ৰশ্ন কৰি আমাক দলংখনৰে আহ-যাহ কৰিব পৰা কৰি দিয়ক বুলি বিধায়ক বিনন্দক ৰাইজে আহ্বান জনাইছে৷
আনহাতে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসেও ৰাইজৰ আহ্বানক গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ দক্ষিণ মঙলদৈ নাগৰিক সভাই এখন স্মাৰক পত্ৰ প্ৰদান কৰি গড়কাপ্তানী বিভাগক শীঘ্ৰে দলংখন যাতায়তৰ উপযোগী কৰি দিবলৈ দাবী জনায়৷ কাৰ গাফিলতিত মাৰৈ-মানৈঘাট গড়কাপ্তানী পথৰ শাকতোলা নদীৰ ওপৰত নিৰ্মিত দলংখন পথেৰে সংযোগ হোৱা নাই সেয়া তদন্তৰ দাবী জনায় দক্ষিণ মঙলদৈ নাগৰিক সভাই৷
উল্লেখ্য যে জিলাখনৰ বঙলাগড় বজাৰ, সদৰ মঙলদৈ, হাজৰিকাপাৰা অঞ্চলৰ ৰাইজৰ বাবে এইটোৱেই যাতায়তৰ একমাত্ৰ পথ৷ অঞ্চলৰসমূহৰ শ শ ছাত্ৰ-ছাত্ৰীয়ে এই পথটোৰেই অহা-যোৱা কৰে৷
২০১৩-১৪ বৰ্ষত মুখ্যমন্ত্ৰীৰ পকী দলং আঁচনিৰ অধীনত দল-সংগঠন আৰু ৰাইজৰ দাবীত ৩২৭.২৬৩ লাখ টকা ব্যয়েৰে পকী দলংখন নিৰ্মাণ কৰা হয় যদিও বিষয়া-ঠিকাদাৰৰ হেমাহিৰ বাবে এটা বছৰে পথেৰে সংযোগ নহ’ল দলংখন৷ ইপিনে বিকল্প কাঠৰ দলং খনো বিধস্ত হৈ পৰাত যান বাহনৰ চলাচল বন্ধ হৈ পৰাত যথেষ্ট আহুকালৰ সন্মুখীন হৈছে অঞ্চলবাসী।