পদ পথৰ মানুহক প্ৰতিদিনে ভাত খুৱায় উজনিৰ লৱ বৰচেতিয়াই

ডিব্ৰুগড়ঃ নতুন বছৰ মানে বনভোজ খোৱাৰ বতৰ৷ গোটেই বছৰটো উপাৰ্জন কৰি পোৱা টকা কেইটাৰ মাজৰ পৰা কেইটামান টকা বনভোজ নতুবা এটুকুৰা ঠাইলৈ পৰিয়ালৰটোৰ সৈতে ফুৰিব যোৱাৰ পৰিকল্পনা কৰি ৰাখি থোৱা হয়৷ অসমৰ মানুহৰ বাবে নতুন বছৰত ভ্ৰমণ কৰা নতুবা বনভোজ খোৱাটো এক পৰম্পৰাত পৰিণত হৈছে৷
কেৱল ধনৱান লোকেই যে বনভোজ খায় নতুবা ফুৰিবলৈ যায় তেনে নহয়, সমাজৰ খাটিখোৱা লোকসকলেও কম খৰচ কৰি হলেও নতুন বছৰটোত সমনীয়া-পৰিয়ালটোৰ সৈতে এসাজ খাই সময় অতিবাহিত কৰে৷ কিন্তু তাৰ মাজতে কিছুমান ব্যতিক্ৰম লোকো আছে সমাজত যিয়ে বনভোজ নতুবা ফুৰাৰ নামত টকা কেইটা খৰচ নকৰি দৰিদ্ৰ লোকক দান কৰে৷
নিজে দুখ-কষ্টৰে দিন অতিবাহিত কৰাৰ পিছতো আনক সহায় কৰাৰ বাবে পৰি মৰে৷ যি সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ লোকে জানুৱাৰী মাহটোত বগীবিল দলং নতুবা ভূপেন হাজৰিকা সেঁতু চাবলৈ গৈ এসাজ খাইছে তেনেসময়তে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ চেতিয়াগাঁৱৰ লৱ বৰচেতিয়াই পদ পথৰ লোকক বছৰটোত ব্যৱসায় কৰি জমা কৰা টকা কেইটাৰে একোখনকৈ কম্বল বিতৰণ কৰে৷ জানিব পৰা মতে, লৱ বৰচেতিয়া চাবুৱাৰ হাতিআলিত চ’কত এখন সাধাৰণ ভাতৰ হোটেল দি পৰিয়াল পোহপাল দিয়ে৷
হোটেল চলাই বছৰটোত উপাৰ্জন হোৱা টকা কেইটা আটোম-টোকাৰিকৈ ৰাখি থৈছিল লৱই৷ বছৰৰ শেষত তেওঁৰ হোটেলৰ ওচৰে পাজৰে পদ পথত বাস কৰা লোকসকলক উন্নতমাণদণ্ডৰ কম্বল ক্ৰয় একোখনকৈ বিতৰণ কৰে৷ কেৱল ইমানে নহয় পথৰ দাতিত বাস কৰা লোকসকলক তেওঁৰ নিজৰ হোটেলতে আহাৰ খাবলৈ দিয়ে। প্ৰতিদিনে পদ পথৰ লোকক লৱই ভাত খুৱায় অতি আদৰেৰে৷ ইয়াৰ দ্বাৰা এটা কথা প্ৰমাণ হয় যে ধন নাথাকিলেও মানুহৰ মন কেতিয়াও সৰু হৈ নাযায়৷ কেৱল নিজ নিজ চিন্তাৰ পৰিধিহে বৃহৎ হোৱাৰ প্ৰয়োজন থাকে৷ লৱ বৰচেতিয়াৰ এনে পদক্ষেপ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত চৰ্চাও হোৱা দেখা যায়। আনহাতে মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই এই পদক্ষেপক অভিনন্দন জনাই সমাজৰ হকে কাম কৰি যাবলৈ আহ্বান জনায় লৱক৷