16
Jun
2017

বালিপৰাঃ শোণিতপুৰৰ বালিপৰা আঞ্চলিক কৃষক সভা আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে আজি নাৰীৰ সুৰক্ষা, নিৰীহ কৃষকক হত্যা আদিৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷
বালিপৰা আঞ্চলিক কৃষক সভা, আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ কেইবা শতাধিক নেতা-কৰ্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে।
প্ৰতিবাদকাৰীয়ে বালিপৰাৰ ৰঙাপৰা পথত মূল্য বৃদ্ধি ৰোধ কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক, কৃষি ঋণ ৰেহাই কৰক আদি শ্ল’গানেৰে বালিপৰাৰ ৰাজপথ কপাই তোলে।
ইয়াৰ উপৰিও গাৰ্হস্থ্য হিংসা বিধেয়ক কাৰ্য্যকৰী কৰা, শিক্ষয়িত্ৰী ধৰ্ষণকাৰীক উচিত শাস্তি প্ৰদান, ফাষ্টট্ৰেক আদালতত ধৰ্ষণকাৰীৰ বিচাৰ, যৌতুক প্ৰথা বন্ধ কৰাকে আদি কৰি একাধিক দাবী উত্থাপন কৰে। এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ বালিপৰা খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে সংগঠন তিনিটাই৷