জীৱন যুদ্ধৰ এক জীয়া ছবি ৷ 

স্বামীৰ মৃত্যুৰ পাছত কন্যাৰ সৈতে বোকাখাতত যান-বাহনৰ চিট চিলাইছে এগৰাকী মহিলাই

newsnextoneকাজিৰঙা, ৮ অক্টোবৰঃ জীৱন যুদ্ধত হাৰ নমনা এগৰাকী মহিয়সী নাৰী-নাম কমলাৱতী সিনহা ৷ স্বামীৰ মৃত্যুৰ পাছত এগৰাকী দৰিদ্ৰ নাৰীৰ জীৱন-যাপন কেনেদৰে অসহনীয় হৈ পৰে এই  মহিলাগৰাকীক নেদেখিলে  হয়টো কোনেও অনুমান কৰিব নোৱাৰিব দাৰিদ্ৰতা মানে কি৷ 

বোকাখাত নগৰৰ মাজ মজিয়াত দুই কন্যা সন্তানৰ মাতৃ এই গৰাকী প্ৰায় ৪৫ বছৰীয়া মহিলাই মাত্ৰ দুটা মাহৰ পূৰ্বে নিজৰ ৰোগাক্ৰান্ত স্বামীক হেৰুৱাইছিল। মহিলা গৰাকীৰ স্বামীয়ে বোকাখাত নগৰত এখন গাড়ীৰ চিট চিলোৱাৰ দোকান খুলি নিজৰ পৰিয়ালটোক যেনে-তেনে পোহপাল দি আহিছিল। কিন্তু স্বামীৰ মৃত্যুৰ পাছত দুৰ্ঘোৰ অমানিশা নামি আহে এই মহিলা গৰাকীৰ জীৱনলৈ। ভাড়া ঘৰত থাকি পৰিয়ালটোক পোহপাল দিয়াত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হব লগাত পৰে এই দুৰ্ভগীয়া মহিলা গৰাকী । কিন্তু এইগৰাকী সাহসী মহিলা  এনে প্ৰতিকুল পৰিস্থিতিৰ মুখামুখি হৈও বিচলিত নহৈ কঠোৰ জীৱন সংগ্ৰামৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি স্বামীৰ বৃত্তিকে চলাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু সেই সিদ্ধান্তও আছিল বহু কঠিন। কাৰণ দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ চিট চিলোৱাৰ কাম এগৰাকী মহিলাৰ বাবে ইমান সহজ নাছিল। দুই কন্যাক বুকুত সাৱটি বোকাখাত নগৰত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ সমীপত এই সামান্য দোকানখনত যান-বাহনৰ চিট চিলাবলৈ ধৰিলে কমলাৱতীয়ে। আনহাতে, মহিলা গৰাকীৰ নৱম শ্ৰেণীত পঢ়ি থকা কন্যা গৰাকীয়েও কেতিয়াবা নিজৰ বিদ্যালয়ৰ পঢ়া-শুনা ক্ষতি  কৰিও  সহায় কৰি দিবলগীয়া হয়হি নিজ মাতৃৰ কাম-কাজত৷ গাড়ীৰ চিটৰ দৰে কঠিন বেল্ট টানিব নোৱাৰাৰ লগতে গধুৰ চিট সমূহ মাতৃ কমলাৱতীয়ে অকলে দাঙিব নোৱাৰে বাবেই  বিদ্যালয়লৈ নোযোৱাকৈয়ে প্ৰায়ে মাতৃৃৰ সৈতে দোকানত ব্যস্ত হৈ পৰে নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰী গৰাকী। কেতিয়াবা দোকানত বিক্ৰী নহলে বা কাম নাপালে দুবেলা-দুমুঠি খুৱাটোও কঠিন হৈ পৰে এই পৰিয়ালটোৰ বাবে-দুই কন্যাৰ সতে কেতিয়াবা অনাহাৰে থকাৰ কৰুণ অভিজ্ঞতাৰ কথাও অতি  দুখেৰে এই সংবাদদাতাৰ সন্মুখত ব্যক্ত কৰে পিতৃহীন দুগৰাকী কন্যাক লৈ অসহায় হৈ পৰা এই  মহিলাগৰাকীয়ে৷ 

ভুতৰ ওপৰত দানহ পৰাৰ দৰে তেওঁলোকৰ পৰিশোধ কৰিবলৈ বাকী আছে  বন্ধন বেংকৰ পৰা লোৱা ঋণ৷ দুবেলা দুমুঠি খোৱাৰ যোগাৰ কৰিবলৈ অক্ষম এই দুৰ্ভগীয়া পৰিয়ালটোৱে বন্ধন বেংকৰ ঋণ পৰিশোধ কৰিবলৈও চূড়ান্তভাৱে অসমৰ্থ হোৱাত এতিয়া এই দুৰ্ভগীয়া পৰিয়ালটোৰ জীৱনৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি হৈছে ৷ যাৰ ফলত মাতৃ-কন্যা এনেদৰে ওলাই আহি এতিয়া বাধ্য হৈছে কঠোৰ জীৱন সংগ্ৰাম কৰিবলৈ  । কিন্তু কিমান দিনলৈ ? কাৰণ এই সংগ্ৰামে হয়টো এগৰাকী ছাত্ৰীৰ ভৱিষ্যৎ জীৱন নিঃশেষ কৰিব পাৰে। ভৱিষ্যতে সুঃনাগৰিক হোৱাৰ স্বপ্ন লৈ মাতৃৰ সৈতে একেলগে জীৱন যুদ্ধত ওলাই যোৱা এই গৰাকী ছাত্ৰীক জীৱনৰ বাটত আগবাঢ়ি যাবলৈ সহায়ৰ হাত আগবঢ়াবলৈ আহিবনে কোনোবা ? আহিবনে কোনোবা অনুষ্ঠান-প্ৰতিষ্ঠান বা দল-সংগঠন ? এই দৰিদ্ৰ পৰিয়ালটোক কেতিয়াবা কেনেবাকৈ ঢুকি পাব নে কোনো চৰকাৰী আঁচনিয়ে ? 

যদি কোনো সদাশয় লোকে এই পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে ভাৰতীয় ষ্টেট বেংকৰ বোকাখাত শাখাৰ আই এফ এছ চি- এছ বি আই এন০০১০৩০৭ নম্বৰৰ চেভিংচ একাউণ্ট ৩৪৯৫৪৫১১০৭৬ নম্বৰত ধন জমা দিব পাৰিব লগতে ৯৮৬৪৬৮৯০৮৬ নম্বৰত ফোন যোগে যোগাযোগ কৰিব পাৰিব৷ আপোনাৰ অকণমান সহায়ে হয়তো সুৰক্ষিত কৰিব এগৰাকী ছাত্ৰীৰ এটি সুন্দৰ ভবিষ্যত৷

পলিমা চেতিয়াৰ প্ৰতিবেদন