internet
internet

ধুবুৰীঃ ধুবুৰী গৌৰিপুৰ থানাৰ অন্তৰ্গত আলমগঞ্জৰ আমবাৰী গাঁৱৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে ডিঙিত ফাচী লগাই আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

আমবাৰী নিবাসী আষান আলীৰ কন্যা নিলুফা খাতুনে আজি স্কুলৰ পৰা আহিয়ে আত্মহননৰ পথ বাচি লয়৷ আত্মহত্যাৰ কাৰণ এতিয়ালৈকে জানিব পৰা নাই।

অষ্টমীচৰ জনতা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী গৰাকীৰ আত্মহত্যাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰোনত্তোৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷