
newsnextone.com। খেৰণিঃ তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি চৰকাৰখনেও বিভিন্ন সভা-সমিতিৰ জৰিয়তে ৰাজ্যত শান্তি, উন্নয়ন আৰু বিকাশ সাধন কৰাৰ দাবী কৰি আহিছে। ঠিক তেনে সময়তে অন্যান্য সমস্যাৰ সমান্তৰালকৈ এইবাৰ বাট পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ডিমা হাছাওবাসীক। উত্তৰ-পূব পৰিষদৰ অধিনৰ উমৰাংছ'-হাফলং-লংকা পথছোৱাই অতিষ্ঠ কৰি তুলিছে এতিয়া বৃহত্তৰ পাহাৰীয়া জিলাবাসীৰ লগতে জিলাখনত থকা ছাত্ৰ ছাত্রী আৰু সাধাৰণ পথচাৰীক।
পথ নহয় যেন মীন পালন বিভাগে শাৰী শাৰী কৈ নিৰ্মাণ কৰা পুখুৰীহে। এজাক বৰষুনতে বৃহৎ বৃহৎ আকাৰৰ পুখুৰীত পৰিনত হয় লংকাৰ পৰা উমৰাংছ'-হাফলঙলৈ বুলি যোৱা পথছোৱাৰ বিভিন্ন স্থানত৷ সঁচাকৈ এক পুতৌজনক বিষয় এই পথৰে গাড়ী মটৰ চলাচল কৰাটো দূৰৰে কথা খোজ কাঢ়ি যোৱাৰো যোগ্য নহয়৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত প্ৰধান মন্ত্ৰীয়ে ডিজিটেল ইণ্ডিয়াৰ সপোন দেখিছে যদিও কিন্তু ডিমা হাছাওৰ ৰাইজে এশ এবুৰি সমস্যাৰে দূৰ্বিসহ জীৱন অতিবাহিত কৰিব লগা হৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে অতিষ্ঠ হৈ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ জনায়। পথ মেৰামতিৰ দাবী কৰিবলৈ শ্রেণী কোঠা এৰি ৰাজপথলৈ ওলাই আহিল শতাধিক ছাত্ৰ-ছাত্ৰী।
আনকি দাবী সফল কৰিবলৈ উলাই আহিছে স্থানীয় ৰাইজো। উল্লেখ্য যে, কেৱল ১২-১৫ টন বহন ক্ষমতা থকা উক্ত পথটোৰে উমৰংছ'স্থিত ডালমিয়া বিলাতীমাটি উৎপাদন প্ৰতিষ্ঠানখনে নিতৌ শ শ ট্ৰাক ব্যৱহাৰ কৰি ৩৫-৪০ টনৰো অধিক পৰিমাণত ক্লিঙ্কাৰ কঢ়িয়াই এই পথছোৱাৰ ওপৰেৰে অহাযোৱা কৰি আহিছে আৰু ডালমিয়াৰ ট্ৰাকৰ দ্বাৰা বহু অভাৱনীয় দুৰ্ঘটনাও ইতিমধ্যে সংঘটিত হৈছে বুলি প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ছাত্ৰ নেতাৰ লগতে স্থানীয় ৰাইজে।
এনেবোৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি একত্ৰিত হোৱা ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে ইয়াতকৈ অধিক তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ পূর্বেই এই পথ মেৰামতি কৰাৰ দাবী তুলিছে। আনহাতে পথ মেৰামতিৰ দাবীৰ লগতে অধিক আৰু অতিৰিক্ত পৰিমাণত ক্লিঙ্কাৰ বা সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা আৰু দিনৰ সময়ত ৭-৩০ বজাৰ পৰা ৪-৩০ বজা লৈকে ক্লিঙ্কাৰ কঢ়িওৱা ট্ৰাক এই পথেৰে চলাচল বন্ধ কৰাৰ দাবী কৰি কৰিছে।
প্ৰতিবাদকাৰীসকলে ৰাজপথৰ ওপৰতে ডিমা হাছাওৰ অতিৰিক্ত জিলা উপায়ুক্ত ৰঞ্জন দলেৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।