প্ৰতিকী ফটো,উৎস ইন্টাৰনেট, Zee News
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট, Zee News

নলবাৰীঃ বেটৰ আগত বিদ্যা বোলা কথাষাৰ এতিয়া অতীত হ’ল৷ এতিয়া বেটৰ আগেৰে শিক্ষা দিবলৈ গলে শিক্ষকে জেলৰ ভাত খাব লাগিব বুলি জানিও একাংশ শিক্ষকে বাৰে বাৰে আইন হাতত তুলি লয়৷

এইবাৰ অধ্যক্ষৰ প্ৰহাৰত লেবেজান হ’ল অষ্টম শ্ৰেণীৰ ছাত্ৰ৷ নলবাৰীৰ চহৰৰ সমীপৰ বড়িদতৰাস্থিত বিষ্ণুৰাম মেধী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতেল অষ্টম শ্ৰেণীৰ সোনটি নামৰ ছাত্ৰ গৰাকীক টকা চুৰি কৰাক সন্দেহত অধ্যক্ষ মনোৰঞ্জন ভট্টাচাৰ্য্যই বেটেৰে বেয়াকৈ প্ৰহাৰ কৰে৷

ফলত গুৰুতৰ ভাৱে আহত হয় ছাত্ৰজন। ছাত্ৰ জনক মাৰধৰ কৰাৰ পাছতে বিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে বিদ্যালয় চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

পইচা চুৰি ঘটনাৰ সৈতে অন্য এগৰাকী ছাত্ৰ জড়িত থকাৰ কথা পোহৰলৈ অহাত অধ্যক্ষ গৰাকীয়ে ঘটনাই অন্য মোৰ লোৱাৰ পুৰ্বে সোণটি দাস নামৰ ছাত্ৰ গৰাকীৰ মাতৃক স্কুললৈ মাতি আনি ক্ষমা বিচৰাৰ ছাত্ৰজনৰ চিকিৎসাৰ বাবে ৫০০ টকা দিয়ে। বিনা কাৰণতে এগৰাকী ছাত্ৰক অধ্যক্ষ মনোৰঞ্জন ভট্টাচাৰ্য্যই প্ৰহাৰ কৰা ঘটনাটোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।