বালিপৰাঃ ৰঙাপৰাৰ বৰজুলিৰ পৰা নিৰুদ্দেশ হোৱা নৱম শ্ৰেণীৰ ছাত্ৰ অজয় কুমাৰ সাহৰ যোৱা তিনিদিনে কোনো সন্ধান পোৱা নাই পৰিয়ালে৷

যোৱা ১০ জুনৰ পৰা ৰঙাপৰাৰ চেইন্ট পল ইংলিছ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ অজয় কুমাৰ সাহা নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

জানিব পৰা মতে ১০ জুনৰ পুৱা ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰজুলি হাটখুলাৰ শম্ভু সাহাৰ পুত্ৰ তথা ৰঙাপৰা চেইন্ট পল ইংলিচ স্কুলৰ ছাত্ৰ অজয় কুমাৰ সাহ ঘৰৰ পৰা চাইকেলেৰে বৰজুলি চেন্টাৰলৈ বুলি ওলায় যায় সন্ধানহীন হয়৷

পৰিয়ালে বিভিন্ন ঠাইত  বিচাৰ-খোচাৰ কৰিছে যদিও কোনো সম্ভেদ লাভ নকৰাত ৰঙাপৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ কোনো ব্যক্তিয়ে ছাত্ৰ জনৰ সম্ভেদ পালে ৯৬১৩৭১৫৩৫৭ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে আহ্বান জনাইছে।