
কামপুৰঃ নদী পাৰ হৈ বিদ্যালয়লৈ যোৱা ছাত্ৰ নিখোজ হৈ থকাত কামপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নগাঁও জিলাৰ কামপুৰত কপিলী নদী পাৰ হৈ বিদ্যালয়লৈ আহি থকা ছাত্ৰ এজন ৰহস্যজনক সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ছাত্ৰজন পূৱ-গৰুবাট হৰিটেৰণ হাইস্কুলৰ নৱম মান শ্ৰেণীৰ দিগন্ত বৰা বুলি জানিব পৰা গৈছে। ছাত্ৰজনৰ ঘৰ যমুনামুখ কমাৰ গাঁৱত। ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনে কপিলী নদী পাৰ হৈ বিদ্যালয়লৈ আহ-যাহ কৰে৷ বুধবাৰে চাইবুক গাঁৱৰ ঘাটৰে কপিলী নদী পাৰ হৈ বিদ্যালয়লৈ আহিছিল ছাত্ৰজন।
বিদ্যালয়ৰ চুটিৰ পাছত ছাত্ৰজন ঘৰলৈ উভতি নহাত চিন্তাত পৰে পৰিয়াল,শিক্ষক তথা স্থানীয় ৰাইজ। ইফালে বিদ্যালয়লৈও ছাত্ৰ জন অহা নাছিল।
পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰে যদিও ছাত্ৰজনৰ কোনো সন্ধান নাপায় যমুনামুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ইফালে কপিলী নদীৰ পানী বৃদ্ধি পাই থকাত পৰিয়ালৰ লোক অধিক চিন্তাত পৰিছে।