লখিমপুৰঃ সমনীয়াৰ লগত হোৱা বিবাদত প্ৰাণ গ’ল এজন ছাত্ৰৰ৷ ২৭ আগষ্টৰ নিশা লখিমপুৰ বানিজ্য মহাবিদ্যালয়ৰ এদল ছাত্ৰৰ মাজত সংঘটিত হৈছিল বিবাদ৷

প্ৰথমতে বিবাদ আৰম্ভ হৈছিল মুখে মুখে৷ তাৰ পাছত হতাহতি৷ আৰু শেষত কেইজনমান উত্তেজিত ছাত্ৰই ইমৰান হুছেইন নামৰ কিশোৰজনৰ পেটত স্ক্ৰু-ড্ৰাইভাৰেৰে আঘাত কৰে৷

সমনীয়াৰ আক্ৰমনত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত ইমৰানৰ ততাতৈয়াকৈ লখিমপুৰতে চিকিৎসাধীন কৰা হয় যদিও আঘাত গুৰুতৰ দেখি ডাক্তৰে গুৱাহাটীলৈ প্ৰেৰণ কৰে৷ গুৱাহাটীত চিকিৎসাধীন হৈ শেষত বৃহস্পতিবাৰে মৃত্যুৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয় ইমৰাম হুছেইন নামৰ লখিমপুৰৰ কিশোৰটিয়ে৷

আনহাতে সমনীয়াৰ আক্ৰমনৰ বলি হোৱা ইমৰামৰ মৃত্যুত সমগ্ৰ লখিমপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আজি ইমৰানৰ মৃতদেহ লখিমপুৰলৈ লৈ অনাৰ পাছতে ছাত্ৰজনে অধ্যয়ন কৰা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত মৃতদেহত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়৷

মহাবিদ্যালয়খনত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান চলি থকাৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ ইমৰানৰ মৃত্যুৰ সতে জড়িত দোষীক শাস্তি প্ৰদানৰ প্ৰতিবাদত ছাত্ৰ-ছাত্ৰীসকলে এক সমদল উলিয়াই উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানালৈ ৰাওনা হয়৷

তাৰ পিছতে ক্ষোভিত ছাত্ৰ-ছাত্ৰীৰ এটা দলে থানাৰ সন্মুখত ইমাৰানৰ নশ্বৰ দেহ সন্মুখত লৈ দোষীক কৰায়ত্ব কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷