কৰিমগঞ্জঃ ছাত্ৰীক মেচেজ যোগে অশ্লীল প্ৰস্তাৱ দি ৰঙা ঘৰৰ আলহী হ’ল কলেজ অধ্যক্ষ৷ কৰিমগঞ্জ জিলাৰ ৰবিন্দ্ৰনাথ সদন মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ অশোক কুমাৰ দাসে যোৱা কেইবাদিন ধৰি প্ৰায় সাতগৰাকী ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দিয়ে৷

ছাত্ৰী কেইগৰাকীয়ে অধ্যক্ষৰ এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ বিপৰীতে অধ্যক্ষই মেচেজ যোগে দিয়া অশ্লীল প্ৰস্তাৱৰ কথা আজি কলেজৰ ছাত্ৰীৰ সন্মুখত ৰাজহুৱা কৰে৷ লগে লগে কলেজ খনৰ শ শ ছাত্ৰীয়ে একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে৷ শ্ৰেনীকোঠাৰ পৰা ওলাই আহি ছাত্ৰীসকলে মুলগেটত একগোট হয়৷ অধ্যক্ষ অশোক কুমাৰ দাসৰ বিৰুদ্ধে ধৰ্ণা দিবলৈ আৰম্ভ কৰে৷

এটা সময়ত ছাত্ৰীসকল উত্তেজিত হৈ কলেজ খনৰ মুলগেট ভাঙি পেলোৱাৰ লগতে কেইবাটাও কোঠাৰ দোৱাৰ-খিৰিকিৰ আইনা ভাঙি পেলায়৷ অৱশেষত আৰক্ষীয়ে চিআৰপিএফ লগত আনি পৰিস্থিতি ক্ষান্ত কৰিব লগা হয়৷ হাতেৰে আইনা ভাঙিব যোৱাত প্ৰায় সাতগৰাকী ছাত্ৰী আহত হয়৷

অৱশেষত আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি অধ্যক্ষ অশোক কুমাৰ দাসক আটক কৰি কৰিমগঞ্জ সদৰ থানালৈ লৈ যায়৷ ছাত্ৰী সকলে অধ্যক্ষক উচিত শাস্তি দিয়াৰ দাবী জনায়৷ স্থানীয় দল-সংগঠনে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷