অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লেংটিছিঙা ৰাজীৱ গান্ধী মেমৰিয়েল মহাবিদ্যালয়ত সোমবাৰে ছাত্ৰ-ছাত্ৰী, অভিভাৱকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ পুৱা প্ৰায় ৯ বজাত মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত ছাত্র-ছাত্ৰীসকলে মহাবিদ্যালয়খনৰ অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি মহাবিদ্যালয়ৰ অধ্যক্ষাৰ আৰু পৰিচালনা সমিতিৰ সভাপতিৰ পদত্যাগ দাবী কৰে।

মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই ছাত্ৰ একতা সভাৰ কাৰ্যালয় নিৰ্মাণ, ছাত্ৰ-ছাত্ৰীৰ জিৰণি কোঠাৰ পৰ্যাপ্ত সা-সুবিধা, চাইকেল ষ্টেণ্ড, বিশুদ্ধ খোৱা পানী আদি যোগান ধৰাৰ দাবী উত্থাপন কৰি আহিছে৷ ছাত্ৰ একতা সভাৰ দাবীক গুৰুত্ব প্ৰদান নকৰাৰ লগতে অধ্যক্ষাগৰাকীয়ে ওলোটাই ছাত্র-ছাত্ৰী সকলক অশ্লীল ভাষাৰে গালি-গালাজ কৰা বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰ-ছাত্ৰীসকলে।

ঘটনা সন্দৰ্ভত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ৰামচৰণ পাঠকক যোৱা ২৪ মাৰ্চত ছাত্ৰ একতা সভাই এখন পত্ৰ যোগে অৱগত কৰিছিল৷ যদিও সভাপতিগৰাকীয়ে এইক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত ছাত্ৰ-ছাত্ৰীসকলে ভাৰপ্ৰাপ্ত অধ্যক্ষা ড০ ৰীতা শৰ্মা আৰু পৰিচালনা সমিতিৰ সভাপতি ৰামচৰণ পাঠকৰ পদত্যাগৰ দাবী উত্থাপন কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। 

ধৰ্ণাস্থলিত অভয়াপুৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু দণ্ডাধীশ পাৰ্থপ্ৰতিম নেওগ উপস্থিত হয়। প্ৰশাসনে অচিৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়াত ছাত্র-ছাত্ৰীসকলে ধৰ্না কাৰ্যসূচী প্ৰত্যাহাৰ কৰে। উল্লেখ্য যে, কেইমাহমানৰ পূৰ্বে উক্ত মহাবিদ্যালয়খনৰ অধ্যক্ষ জহৰুল ইছলামক ভুৱা পিএইচডি ডিগ্ৰীৰ অভিযোগত শিক্ষা বিভাগে বৰ্খাস্ত কৰাৰ পিছত ড০ ৰীতা শৰ্মাই মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষাৰ দায়িত্ব গ্ৰহণ কৰিছিল।