
গোৰেশ্বৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধিনৰ মহাবিদ্যালয় সমূহত মেজৰ বিষয়ৰ পাঠ্যক্ৰমত ইংৰাজী ভাষা বাধ্যতামুলক কৰাত তীব্ৰ চাঞ্চল্য অব্যাহত আছে বিটিএডিৰ চাৰিখন জিলাত৷
অবড়ো সুৰক্ষা সমিতিয়ে ইতিমধ্যে এই কাৰ্যক মানি লোৱা নহ’ব বুলি সকীয়াই দিয়াৰ লগতে হঠকাৰি সিন্ধান্তক গৰিহণা দিয়ে৷
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এনে কাৰ্যৰ বিৰুদ্ধে বিটিএডিৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক জাঙুৰ খাই উঠিছে৷ তাৰ মাজতে আজি শ্ৰেনীকোঠা এৰি ৰাজ পথলৈ ওলাই আহিল ঐতিহ্যমণ্ডিত গোৰেশ্বৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী৷ পিঠি পোৰা ৰদকো নেওচি শ শ ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্য চৰকাৰ তথা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
ৰাজ্য চৰকাৰ, বিটিচি প্ৰশাসন, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে শ্ল’গান দি ছাত্ৰ-ছাত্ৰীসকলে উত্তাল কৰি তোলে গোৰেশ্বৰৰ আকাশ বতাহ৷ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে পথত টায়াৰ জ্বলাই গড়কাপ্তানি পথৰ লগতে ৰেল পথ অৱৰোধ কৰে৷অসমত অসমীয়া ভাষা থাকিবই, হাগ্ৰামা মুৰ্দাবাদ, বড়োলেণ্ড বিশ্ববিদ্যালয় মুৰ্দাবাদ, যদি হোৱা অসমীয়া আমাৰ লগত যোগ দিয়া, অসমীয়া ভাষা বাতিল কৰিব দিয়া ন’হব আদি শ্ল’গানেৰে গোৰেশ্বৰৰ আকাশ বতাহ কপাই তোলে৷
বড়োলেণ্ড বিশ্ববিদ্যালয়ে অসমীয়া ভাষাক নিশ্চিহ্ন কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰি ছাত্ৰ-ছাত্ৰীসকলে এই সিন্ধান্ত বাতিল কৰাৰ দাবী জনায়৷ অন্যথাই প্ৰতিবাদ অব্যাহত ৰখাৰ ভাবুকি প্ৰদান কৰে ছাত্ৰ-ছাত্ৰীসকলে৷