
গোৰেশ্বৰঃ বিটিএডিত অসমীয়া ভাষা ৰক্ষাৰ বাবে ৰাজ পথলৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰী৷ শ শ ছাত্ৰ-ছাত্ৰীয়ে প্ৰখৰ ৰদকো নেওচি ৰাজ পথ উত্তাল কৰি শপত খালে অসমীয়া ভাষা ৰক্ষা কৰাৰ বাবে৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এক হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বাক্সা জিলাৰ গোৰেশ্বৰত। বড়োলেণ্ড বিশ্ববিদ্যালয়ে স্নাতক পৰ্যায়ত অনাৰ্চ বিষয়ত ইংৰাজী ভাষা বাধ্যতামূলক কৰি অসমীয়া ভাষা বিলুপ্ত কৰাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহে ছাত্ৰ-ছাত্ৰী।
গোৰেশ্বৰ মহাবিদ্যালয় গোট ছাত্ৰ সন্থাৰ নেতৃত্বত শুকুৰবাৰে দিনৰ ১১ বজাত মহাবিদ্যালয়খনৰ লগতে কেবাখনো শিক্ষানুষ্ঠানৰ শ-শ ছাত্ৰ-ছাত্ৰীয়ে গোৰেশ্বৰ ৰেল গেটত মুখ্য চ'কত প্ৰতিবাদ সাব্যস্ত কৰে৷ ছাত্ৰ-ছাত্ৰীসকলে এঘাৰ বজাৰ পৰা এক বজালৈ দুই ঘন্টাৰ পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ ৰূপায়ণ কৰি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। পথ অৱৰোধৰ ফলত তীব্ৰ যান-জোঁটৰ বাবে পথচাৰী ৰাজপথত আবদ্ধ হৈ পৰিব লগা হয়।
প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে বড়োলেণ্ড বিশ্ববিদ্যালয় বাতিল কৰক, অসমীয়া ভাষা বাতিল কৰা নচলিব, হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা হায়-হায়, আমি অসমীয়া ভাষাত লিখিমেই আদি শ্ল’গানেৰে দিয়াৰ লগতে প্লে কাৰ্ড আৰু ফেষ্টুন প্ৰদৰ্শন কৰে। আনহাতে প্ৰতিবাদকাৰীসকলে ৰেলপথৰ ওপৰতে টায়াৰ জ্বলাই ক্ষোভ উজাৰে৷ ৰেল যাতায়তো দুঘন্টাৰ বাবে ব্যাহত হয়। ছাত্ৰৰ প্ৰতিবাদ উত্তপ্ত হৈ পৰাত প্ৰশাসনে অতিৰিক্ত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়ন কৰিব লগা হয়।
গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া অলকানন্দা মেধি আৰু গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেৰাম্ব গোস্বামীয়ে প্ৰতিবাদস্থলীত উপস্থিত হৈ ছাত্ৰ সংগঠনৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈ পৰিস্থিতিনিয়ন্ত্রণ কৰে চেষ্টা চলায়। প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে চক্ৰ বিষয়াৰ জৰিয়তে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। সমগ্ৰ বিষয়টো সম্পর্কত সন্দিহান হৈ পৰিছে বিটিএডিৰ জাতীয় সংগঠনৰ লগতে শিক্ষকসকলো।
যোৱা ৩০ আগষ্টত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই বি ইউ/ভি চি/এচইচি-১/২০১৪/১৫০১৬১ জাননী যোগে স্নাতকত অসমীয়া, বড়ো, বাংলা আৰু হিন্দী বিষয়ৰ বাদে অন্য বিষয়ত অনাৰ্চ লৈ পঢ়িব বিচাৰিলে তাৰ মাধ্যম বাধ্যতামূলক ভাৱে ইংৰাজী হ'ব লাগিব। যি সময়ত গুৱাহাটী, ডিব্ৰুগড় নতুবা অসম বিশ্ববিদ্যালয়ত স্নাতকত অসমীয়া ভাষাতে মেজৰ নতুবা অনাৰ্চ বিষয় পঢ়িব পাৰে তেনে ক্ষেত্ৰত কাৰ ষড়যন্ত্ৰৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ে বিটিএডিৰ ৪১ খন মহাবিদ্যালয়ৰ পৰা অসমীয়া ভাষা উঠাই দিয়ে৷
জাতীয় সংগঠনে মোৰ পোলোকা মাৰি কাৰ সময়তে প্ৰতিবাদ কৰিবলৈ ওলৈই আহিল ছাত্ৰ-ছাত্ৰী। বিশেষকৈ অসমীয়া আৰু বড়ো মাধ্যমত শিক্ষা গ্ৰহণ কৰা সমূহ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষাৰ গ্ৰহণত বাধাৰ সৃষ্টি হ'ব বুলি মন্তব্য কৰিছে গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ খৰ্গেশ্বৰ ডেকাই। পাঠদান আৰম্ভ হোৱাৰ পিছত লোৱা এনে সিদ্ধান্তই ছাত্ৰ-ছাত্ৰীক বিপদত পেলাব বুলি মন্তব্য কৰে ডেকাই।
পথ অৱৰোধ কাৰ্যসূচীত গোৰেশ্বৰ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদ, আছু, বেংগলী ছাত্ৰ ফেডাৰেচন, শৰণীয়া কছাৰী ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ, জনগোষ্ঠীয় পৰিষদ আৰু মুছলিম যুৱ পৰিষদে সহযোগ আগবঢ়াই। ছাত্ৰ সংগঠন কেইটাই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এনে হঠকাৰী সিদ্ধান্ত পুনৰ বিবেচনা কৰি পূৰ্বৰ দৰে স্থিতি বাহাল ৰখাৰ লগতে অসমীয়া ভাষা বাতিল কৰাৰ দৰে সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।
বিশ্ববিদ্যালয়খনে অসমীয়া ভাষা উঠাই দিবলৈ ক'ত সাহস পালে বুলিও ক্ষোভ প্ৰকাশ কৰি শীঘ্রেই এই সিদ্ধান্ত প্ৰত্যাহাৰ নহ'লে তীব্ৰ গণতান্ত্রিক আন্দোলন গঢ়ি তোলা হ'ব বুলিও হুংকাৰ দিছে সংগঠনকেইটাই। অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানেও এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰাৰ পৰিবৰ্তে শুই থকা পৰিলক্ষিত হয়৷ ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্তক তীব্ৰ গৰিহণা দিয়ে। এনে সিদ্ধান্ত ছাত্ৰ ছাত্ৰীৰ পৰিপন্থী আৰু এয়াই মাত়ৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানক ধ্বংস কৰিব বুলি ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে।