ডিজিটেল ডেস্কঃ চিবিএছইৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা সিদ্ধান্তৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ-মন্তৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীয়ে। বৃহস্পতিবাৰে অল ইণ্ডিয়া ডেমক্ৰেটিক ষ্টুডেন্ট অৰ্গেনাইচনে দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰে। 

হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ছাত্ৰ-ছাত্ৰীয়ে। ছাত্ৰ-ছাত্ৰীয়ে কেৱল এখন বা দুখন নহয় আটাইকেইখন কাকতৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী জনায়। আমাক ন্যায় লাগে শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

আনহাতে দিল্লী আৰক্ষীয়ে এই ঘটনাৰ সৈতে ২৫গৰাকী লোক জৰিত থকা বুলি কৈ ১৮গৰাকী ছাত্ৰ জৰিত থকা বুলি কয়। দিল্লী আৰক্ষীৰ মতে বিকি নামৰ এগৰাকী টিউচন মাষ্টৰে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিছিল প্ৰশ্ন কাকতসমূহ। কাকত হোৱাটছএপ গ্ৰুপৰ জৰিয়তে প্ৰচাৰ হৈছিল।  

কংগ্ৰেছে সংবাদ মেল অনুষ্ঠিত কৰি চৰকাৰক তীব্ৰ আক্ৰমণ কৰি চৰকাৰী ব্যৱস্থাতে প্ৰশ্ন কাকত ফাদিল হোৱা বুলি কয়। কংগ্ৰেছ নেতা ৰণদ্বীপ সূৰ্যেৱালাই ব্যাপম আৰু এছএচচিৰ পিছত চিবিএছচিৰ ৩ খন কাকত ফাদিল হৈছে বুলি কৈ তীব্ৰ সমালোচনা কৰে চৰকাৰক।

ছাত্ৰৰ মতে আৰু কাকত ফাদিল হ’ব পাৰে। ২০১৭ চনৰ দ্বাদশ শ্ৰেণীৰ মূল্যাংকনকলৈয়ো প্ৰশ্ন উত্থাপন হৈছিল। কংগ্ৰেছ নেতা ৰণদ্বীপে কি কাৰণত যোৱা দুবছৰে চিবিএছইৰ অধ্যক্ষ পদ খালি আছিল তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী আৰু চিবিএছইৰ অধ্যক্ষ অনিতা কাৰবালক পদৰ পৰা নতৰালে তদন্ত আধৰুৱা হ’ব বুলিও কয় সূৰ্যেৱালাই।

বৃহস্পতিবাৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰকাশ জাবেৰকাৰে সংবাদ মেল অনুষ্ঠিত কৰি চিবিএছচিক ৰেকৰ্ডৰ কথা উল্লেখ কৰি দিল্লী আৰক্ষীৰ ওপৰত তদন্ত সন্দৰ্ভত বিশ্বাস থকা বুলি কয়। জাবেৰকাৰে এই ঘটনাক দুখজনক আখ্যা দি ছাত্ৰ আৰু অভিভাৱকৰ যন্ত্ৰণা বুজি পাইছো বুলি কয়। মই এগৰাকী পিতৃ হও। ঘটনাৰ কথা শুনি শুব পৰা নাছিলো। এই কাণ্ড সংঘটিত কৰা কোনো সাৰি নাযায় বুলিও কয় জাবেৰকাৰে।

গণিতৰ পৰীক্ষা হ’ব লগা আছিল যদিও এদন পূৰ্বে মঙলবাৰেই কাকত ফাদিল হয়। ফাদিল কাণ্ডৰ সৈতে এটা কোচিং চেন্টাৰৰ নাম উল্লেখ হয়। কোচিং চেন্টাৰ টোৱে এই অভিযোগ খণ্ডন কৰে যদিও আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰে।