
ধিংঃ ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আমোল পৰিবৰ্তনৰ বাবে চৰকাৰে অনুষ্ঠিত কৰিলে গুণোৎসৱ৷ শিক্ষা ব্যৱস্থাক সংস্কাৰ সাধনৰ বাবে কেৱল চৰকাৰে চেষ্টা কৰিলে সংস্কাৰ নহয় ৷ এই কথা বাৰে বাৰে একাংশ লোকে কৈ আহিছে। সংস্কাৰৰ বাবে সম্পৰ্ণ সহযোগ কৰিব লাগিব বিভাগটোৰ মন্ত্ৰী, আমোলাক পৰা শিক্ষকসকলে৷
কিন্তু একাংশ শিক্ষকে গুণোৎসৱ পাৰ হৈ যোৱাৰ পিছতে যেন সকলো পাহৰি গ’ল৷ এতিয়া ইচ্ছা গ’লে বিদ্যালয়লৈ আহে ইচ্ছা নগ’লে নাহে৷ এই কথা প্ৰমাণ কৰে নগাঁও জিলাৰ ৮৩নং ধিং বিধানসভা সমষ্টিৰ লাহৰীঘাট শিক্ষা খণ্ডত। লাহৰীঘাট প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বানেবিহাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ ইচ্ছা মতে বিদ্যালয়ত পাঠদান কৰাৰ অভিযোগ উত্থাপন হয়৷
প্ৰধান শিক্ষকগৰাকীয়ে সুকীয়া নীতিৰে বিদ্যালয় খন চলোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে৷ চৰকাৰী বন্ধ নাথাকিলেও বানেবিহাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকে নিজ ইচ্ছামতে বিদ্যালয় বন্ধ ৰাখে৷ ইচ্ছা গ’লে বিদ্যালয়ত পাঠদান কৰে ইচ্ছা নগ’লে নকৰে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ যোৱা শনিবাৰেও কোনো কাৰণ নোহোৱাকৈ দেৱেন্দ্ৰনাথ হাজৰিকা নামৰ প্ৰধান শিক্ষকজনে বন্ধ ৰাখে বিদ্যালয়খন।
যাৰ বাবে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’বলগা হয় কণ কণ ছাত্ৰ ছাত্ৰী। প্ৰধান শিক্ষকগৰাকীৰ এনে কাৰ্যৰ বিৰুদ্ধে দেওবাৰে জাঙুৰ খাই উঠে অঞ্চলটোৰ ৰাইজ। প্রধান শিক্ষক হাজৰিকাৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাইজে নান দুৰ্নীতি কৰাৰ অভিযোগো উত্থাপন কৰে৷ প্রধান শিক্ষক জনে দৈনিক বিদ্যালয়ত পলম কৈ অহাৰ লগতে চৰকাৰে যোগান ধৰা ছাত্ৰ-ছাত্ৰীৰ দুপৰীয়াৰ আহাৰৰ ক্ষেত্ৰতো অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷