তিনিচুকীয়াঃ তিনিচুকীয়াত আছুৱে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ পৌৰসভাত সংঘটিত কেলেংকাৰীৰ তদন্তৰ দাবীত আছুই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তিনিচুকীয়া পৌৰ সভাৰ কাৰ্যালয়ৰ সন্মুখত৷ দীৰ্ঘদিন ধৰি তিনিচুকীয়া পৌৰসভাত চলি অহা অনিয়ম, দুৰ্নীতি আৰু কেলেংকাৰিৰ প্ৰতিবাদত সৰৱ হৈ পৰিছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা।

তিনচুকীয়া পৌৰ সভা ভংগ কৰাৰ দাবীত কেইবাশতাধিক লোকে পৌৰ সভাৰ কাৰ্যালয় ঘেৰাও কৰে৷ সদ্যনিৰ্মিত তিনিচুকীয়া পৌৰসভাৰ কাৰ্যালয় আৰু বাণিজ্যিক ভৱন নিৰ্মাণত ৭.৩৩ কোটি টকা ব্যয় কৰ্ পৰিষজ খনে। এই ব্যয়ৰ পৰিমাণক লৈ সন্দেহ প্ৰকাশ কৰি ৰাইজে। বিশুদ্ধ খোৱাপানী যোগান প্ৰকল্পৰ কাম অবিজ্ঞানসন্মত আৰু অপৰিকল্পিত ভাবে কৰা হৈছে বুলিও অভিযোগ উত্থাপিত হয়।

বছৰজুৰি চহৰ এলেকাৰ পৰা সংগৃহীত আৱৰ্জনা আৰু বৰ্জিত পদাৰ্থসমূহ বিজ্ঞানসন্মতভাবে নিষ্কাষণৰ ব্যৱস্থা নকৰি টিংৰাই নৈৰ পাৰত দমাই সমগ্ৰ অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশৰ লগতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে পৌৰ সভাখনে। নগৰবাসীক চৰম অসুবিধাত পেলাই পদপথসমূহ অবৈধ দখলকাৰীৰ কৱলত পৰাৰ লগতে পদপথৰ ওপৰত গঢ়ি উঠা চাটহাউচ আৰু অপৰিকল্পিত পাৰ্কিং ব্যৱস্থাই ব্যাপক যান-জঁটৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰাৰ সলনি একাংশ পৌৰ কৰ্মী আৰু সদস্যই দুৰ্নীতিৰ আশ্ৰয় লৈ অবৈধ উপাৰ্জন কৰি আহিছে বুলি অভিযোগ উঠে।

মন কৰিবলগীয়া যে তিনিচুকীয়া পৌৰ এলেকাত অনুমোদিত উচ্চতাৰ গৃহ নিৰ্মাণৰ অনুমতিৰ বিপৰীতে অনা-অসমীয়া বহিৰাগতৰ পৰা ধনৰ লেনদেনৰ বিনিময়ত সুউচ্চ অট্টালিকা নিৰ্মাণৰ অনুমতি প্ৰদান কৰি পৌৰসভাই ব্যাপক অনিয়ম সংঘটিত কৰি আহিছে বুলিও সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইফালে সাধাৰণ এজাক বৰষুণতে তিনিচুকীয়া চহৰ প্লাৱিত হোৱাৰ ঘটনা দীৰ্ঘদিন ধৰি চলি আহিছে। কিন্তু পৌৰ সভাই চহৰ এলেকাৰ পৰা পানী উলিয়াই পঠিওৱাৰ কোনো বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা দেখা নগ'ল। ইয়াৰোপৰি স্বচ্ছ ভাৰত নিৰ্মাণ আঁচনিৰ অন্তৰ্গত ডাষ্টবিন স্থাপনতো সংঘটিত হৈছে ব্যাপক কেলেংকাৰী।

এই সমূহ দুৰ্নীতি, অনিয়ম আৰু কেলেংকাৰিৰ প্ৰতিবাদত আজি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই তিনিচুকীয়া পৌৰ সভাৰ কাৰ্যালয়ৰ সমুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অতি তৎকালীনভাবে তিনিচুকীয়া পৌৰসভাখন ভংগ কৰি পৌৰ কৰ্তৃত্ব জিলা প্ৰশাসনৰ আওতালৈ নিয়াৰ দাবী জনায়৷