
গোগামুখঃ ঘৰৰ পৰা বিদ্যালয়লৈ বুলি ওলাই অহা ছাত্ৰ বিদ্যালয় নগৈ যায় ক’ত? পিতৃ-মাতৃয়ে বুকুৰ তেজ পানী কৰি ডাঙৰ মানুহ কৰাৰ সপোন দেখা নিজৰ সন্তানটো এতিয়া হৈ পৰিছে লেকাম চিঙা ঘোঁৰা৷ বিদ্যালয়ৰ ক্লাছ ক্ষতি কৰি হাবিৰ মাজত বহি এতিয়া মহাদেৱক স্মৰণ কৰে একাংশ অধপাতে যোৱা শিক্ষাৰ্থীয়ে৷
যাৰ ফলত সিহতৰ ভৱিষ্যতক লৈ আশংকাত ভূগিছে অভিৱাকৰ লগতে বিদ্যলয় কৰ্তৃপক্ষ৷ আজি ধেমাজি জিলাৰ বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইজনমান ছাত্ৰক সাংবাদিকে উদ্ধাৰ কৰে জংঘলৰ মাজত৷
বাবা ভোলানাথৰ প্ৰসাদ লৈ নিচাত মাতাল হৈ থকা চাত্ৰ কেইজনে সাংবাদিকক সন্মুখত দেখিয়ে প্ৰসাদৰ টোপোলা জংঘলৰ মাজত দলিয়াই পেলায়৷
আনহাতে এই সন্দৰ্ভত বিদ্যালয়কনৰ অধ্যক্ষক সুধোতে ঘটনাটো অতি লজ্জাজনক আখ্যা দিয়ে অধ্যক্ষগৰাকীয়ে৷ বিদ্যালয় চৌহদৰ ঘটনা নহলেও ছাত্ৰ কেইজনক এই বিষয়ত উচিত শিক্ষা প্ৰদান কৰিব বুলি আশ্বাস দিয়ে অধ্যক্ষগৰাকীয়ে৷
অতি কম বয়সতে এনেদৰে ভাঙ বা তেনে নিচাজাতীয় সামগ্ৰীৰ কবলত পৰাৰ বাবে চৰকাৰকো জগৰীয়া কৰে স্থানীয় ৰাইজে৷ অবৈধ গাঞ্জা বা নিচাজাতীয় সাগ্ৰীৰ অবাধ প্ৰচলন বন্ধ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় স্থানীয় ৰাইজে৷