
জোনাইঃ শিক্ষা বিভাগৰ চৰম দুৰ্দশা প্ৰতিফলিত হ’ল পুনৰ এবাৰ৷ ধেমাজি জিলাৰ জোনাইৰ পুৰণিতম উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে শিক্ষা বিভাগৰ এক আজৱ কাণ্ড। চৰকাৰী নিৰ্দেশ মতে যোৱা মেট্ৰিক পৰীক্ষাত ফেইল হোৱা শিক্ষাৰ্থীসকলৰ বাবে কম্পাৰ্টমেন্টেল পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল।
উক্ত পৰীক্ষাত উত্তীৰ্ণ সকলে নামভৰ্তিৰ বাবে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আবেদন কৰোঁতে অধ্যক্ষই শিক্ষাৰ্থীসকলক শ্ৰেনীকোঠাত বহিবলৈ নিজাববীয়াকৈ ডেস্ক-বেঞ্চ আনিব লাগিব বুলি কয়৷ অন্যথা সেইসকল শিক্ষাৰ্থীৰ নামভৰ্তী নহ’ব বুলিও ভাবুকি প্ৰদান কৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই৷
শিক্ষাৰ প্ৰতি থকা আগ্ৰহক নুই কৰিব নোৱাৰি উপায়বিহীন হৈ দুখীয়া ছাত্ৰ-ছাত্ৰী সকলে প্ৰতি ৪ গৰাকীৰ মাজত এযোৰ ডেস্ক-বেঞ্চ যোগাৰ কৰি শ্ৰেনীকোঠাত বহিবলগীয়া হ’ল৷
যিটো সময়ত চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া শিক্ষা প্ৰদানৰ ঢোল পিতি ফুৰিছে, সেই সমসতে জোনাইৰ বিদ্যালয়ৰ আজৱ কাণ্ডই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে৷