শ্বিলংঃ যোৱা ৭ এপ্ৰিলত মন্ত্ৰী পুত্ৰৰ গাড়ীৰ খুন্দাত এগৰাকী আৰক্ষী লোকৰ মৃত্যু হোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই এইবাৰ মুখ্যমন্ত্ৰীৰ সুৰক্ষাত নিয়োজিত সুৰক্ষাকৰ্মীয়ে আত্মহত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মেঘালয়ৰ ৰাজধানী শ্বিলংত৷

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ এগৰাকী নিৰাপত্তাৰক্ষীয়ে আত্মহত্যা কৰাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে মেঘালয়ৰ ৰাজধানী শ্বিলংত৷ দেওবাৰে পুৱতি নিশা ৩ বজাত নিজ চাৰ্ভিচ ৰাইফলেৰে আত্মহত্যা কৰে এলংবাম শান্তি কুমাৰ সিং নামৰ সুৰক্ষাকৰ্মীগৰাকীয়ে৷

তৃতীয় ৰিজাৰ্ভ বেটেলিয়ানত কৰ্মৰত সুৰক্ষাকৰ্মীগৰাকীয়ে হোটেল ক্লাছিক গ্ৰেণ্ডত আত্মহত্যা কৰে৷ আনহাতে এদিন পূৰ্বে আন এটা পথ দুৰ্ঘটনাত ৰাজ্য খনৰ স্বাস্থ্যমন্ত্ৰীৰ পুত্ৰ গাড়ীৰ খুন্দাত এগৰাকী আৰক্ষীৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী আৰক্ষীৰ লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে৷ 

মন্ত্ৰীৰ পুত্ৰৰ বাহনে আৰক্ষীৰ বাইকত খুন্দা মৰাৰ ফলত আৰক্ষীৰ লোকৰ মৃত্যু হয়৷ আৰক্ষীয়ে দুয়োটা ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰে যদিও এতিয়ালৈ কোনো লোকক আটক কৰা নাই৷