
চাপৰঃ জীৱন আচলতে কি৷ এমোকৰা উশাহৰ এটা সমষ্টি৷ সুখী হোৱাৰ মানসেৰে যাপন কৰা কিছু ক্ষণৰ নালেই হয়তো জীৱন৷ ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শালকোছা অঞ্চলৰ হাপাপাৰা গাওঁৰ এইজন যুৱকৰ নাম শুদ্ধদেৱ বৰ্মন৷ ৪ বছৰ বয়সৰ পৰাই সপোন হেৰুৱাই সুদীৰ্ঘ ১৫ টা বসন্ত অতিক্ৰম কৰিলে এখন কাঠৰ বিছনাত৷
বিশেষভাৱে সক্ষম এই যুৱকজনে চলা-ফুৰাতো দুৰৰে কথা উঠিব বহিবও নোৱাৰে৷ ধূলি উৰুৱাই হাঁহিৰ খলকনি তোলা বয়সতে এক জটিল ৰোগত আক্ৰান্ত হৈছিল শুদ্ধদেৱ৷ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে সেই সময়ত সু-চিকিৎসা কৰিব নোৱাৰাৰ ফলত কাঠৰ বিচনাখনেই চিৰসংগী হৈ পৰিল শুদ্ধদেৱৰ বাবে৷ বৰ্তমান এই কাঠৰ বিছনাখনতেই শুদ্ধদেৱে কৰে জীয়াই থকাৰ কচৰৎ৷
অতি দৰিদ্ৰ পৰিয়ালত জন্ম লোৱা এইজন শুদ্ধদেৱ বৰ্মন দেউতাকৰ মৃত্যুৰ পিছত বিধৱা মাতৃৰ দায়িত্ব লৈ এদিন নামি পৰিছিল জীৱন সংগ্ৰামত৷ ভিক্ষা বৃত্তিৰ পৰিৱৰ্তে শাৰীৰিক পৰিশ্ৰমৰে উপাৰ্জনৰ পথ বাছি ললে আৰু এনেদৰে শুই থাকিয়ে বাঁহৰ বিভিন্ন সামগ্ৰী, বাঁহৰ ফাৰ্নিচাৰ আদি নিৰ্মাণ কৰি পৰিয়ালটো পোহপাল দি আছে৷
নিজৰ লগতে বিধৱা মাতৃৰ এসাঁজ ভাতৰ বাবে দিনৰ দিনটো কামত ব্যস্ত থাকে শুদ্ধদেৱ বৰ্মন৷ কিন্তু আশ্বৰ্য্যজনক ভাৱে চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই এই দুৰ্ভগীয়া পৰিয়ালটোক৷ ৰাজ্যৰ সমাজ কল্যাণ বিভাগ কিম্বা অন্যান্য বিভাগসমূহে ৰূপায়ণ কৰি থকা বিয়াগোম আঁচনিসমূহ এওঁলোকৰ কাৰণে যেন অসাৰ!