ওদালগুৰিঃ ওদালগুৰি জিলাৰ কলাইগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত কবিৰালিত কালি নিশা সংঘটিত হয় এক আত্মহত্যাৰ ঘটনা। নিশা শাৰীৰে চিপজৰী লৈ আত্মহত্যা কৰে মঞ্জু চৌহান নামৰ মহিলাগৰাকীয়ে। 

কলাইগাওঁ আৰক্ষীৰ এক সূত্ৰ‌ই সাংবাদিকক জানিবলৈ দিয়া মতে মৃত মঞ্জু চৌহানৰ স্বামী বালকা চৌহানৰ সৈতে চলি আছিল পাৰিবাৰিক কণ্ডল। সূত্ৰটোৱে জানিবলৈ দিয়া মতে মহিলাগৰাকীয়েও প্ৰায়েই মদ্যপান কৰিছিল। ফলত এই মদ্যপানৰ ৰাগীত স্বামীৰ সৈতে কাজিয়াৰ সূত্ৰপাত হোৱাত নিশা মহিলাগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। 

স্বামী বালকা চৌহানে এই পৰ্যন্ত ঘটনাৰ বিষয়ে মুখ খোলা নাই। ইফালে ঘটনাস্থলীত কলাইগাওঁ থানাৰ আৰক্ষী উপস্থিত হৈ ওলমি থকা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। 

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি বিগত কিছুদিন ধৰি কলাইগাওঁ আৰক্ষী থানা অঞ্চলত কেইবাটাও এনেধৰণৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈ আহিছে।