
নামতিঃ শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নামতি সমীপৰ কঁহাৰ গাঁৱৰ এজন যুৱক যোৱা ১৪ ছেপ্তম্বৰত পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে।
ঘটনা সন্দর্ভত জানিৱ পৰা মতে, গাঁওখনৰ অজিত বৰুৱা আৰু ৰেণু বৰুৱাৰ পুত্ৰ ৰাহুল কৌশিক বৰুৱাই উক্ত দিনা নিজৰ বিচনাৰ ওপৰত এখন চুইচাইদ নোট এৰি থৈ যায়।
চুইচাইদ নোট খনত উল্লেখ থকা অনুসৰি, ৰাহুলে ডিব্রুগড়ৰ কৰ্মস্থলীলৈ যোৱাৰ পথত অর্থাৎ কালুগাঁৱত চাৰিটা দুৰ্বৃত্তই আগুচি ধৰি নগদ ২২ হাজাৰ টকা, মবাইল, বেগ কাঢ়ি নিয়াৰ লগতে খেদি খেদি মাৰধৰ কৰে।
সেই ঘটনাত সমীপৱৰ্তী নামদঙীয়া গাঁৱৰ এজন যুৱক জড়িত বুলি প্ৰকাশ কৰাৰ লগতে আত্মহত্যা কৰিম বুলিও লিখি যায়। ছুইচাইদ নোটখন মাতৃ ৰেণু বৰুৱাই প্রত্যক্ষ কৰা পাছতে উক্ত ঘটনা সন্দৰ্ভত পৰিয়ালটোৱে আমগুৰি থানাত এজাহাৰ দাখিল কৰে।
আমগুৰি আৰক্ষীয়ে ঘটনাৰ সন্দর্ভত তদন্ত অব্যাহত ৰাখিছে যদিও কোনো শুংসূত্র উলিয়াব পৰা নাই। ইফালে এক সপ্তাহে সন্ধানহীন হৈ থকা পুত্ৰক বিচাৰি দৰিদ্ৰ পৰিয়ালটো এতিয়া শোকত ভাগি পৰিছে।
উল্লেখ যোগ্য যে, ৰাহুল কৌশিক বৰুৱাই চুইচাইদ নোটখনত লিখা কঁথাবোৰ কিমান সঁচা অথবা মিছা সেয়া আৰক্ষীৰ পৰৱৰ্তী অনুসন্ধানৰ পাছত হে জানিব পৰা যাব৷