
শুক্লাইঃ ভূটান পাহাৰৰ পৰা বৈ অহা নৈৰ বাঢ়নী পানীয়ে বুৰালে ভাৰত-ভূটান সীমান্তৰ বহু গাঁও৷ কেইবা শতাধিক লোকৰ বাসগৃহ বীনৰ পানীত ডুব গৈ থকাত হাহাকাৰ কৰিব লগা হৈছে লোকসকলে৷
অঞ্চলটোৰ শুক্লাই, উত্তৰ নাওবান্ধা, নাওবান্ধা, আটাৰীখাট, বাঙালীপাৰা, উপৰখুটি, সুৱাগপুৰ, দেউচুঙা, দাবোখিলা আদি গাঁও জলমগ্ন হৈ থকাত ব্যাপক সমস্যাত পৰিছে বানাক্ৰান্ত।
লৰা-ছোৱালী, পোহনীয়া জীৱ-জন্তুক লৈ বিপদত পৰিছে শ শ লোক৷ খাদ্য, বস্ত্ৰ, বাসস্থানৰ অভাৱত পৰা বুলিও জানিব পৰা গৈছে৷ কেইবাটাও পশুধন বাঢ়নী পানীয়ে উটুৱাই নিয়া বুলিও জানিব পৰা গৈছে। শুক্লাই, বৰনদী, দেওচুঙা নৈ সমুহে কালৰূপ ধাৰণ কৰাত বহিঃবিশ্বৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে লোকসকলৰ।
দেওচুঙাৰ নৈৰ মথাউৰী চিঙি কেইবা ঠাইটো ওদালগুৰি-তামুলপুৰ পথৰ মাজেৰে বৈছে পানী। আনহাতে কেইবাখনো শিক্ষানুষ্ঠান বুৰাই পেলোৱৰ লগতে ৰাইজে বানৰ কবলত পৰি ককবকাই থকাৰ পাছতো প্ৰশাসনে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে৷