
শুক্লাইঃ বিশ্বৰ নেপালী লোকসকলে ধাৰ্মিক, সামাজিক, সাংস্কৃতিক, লোকবিশ্বাস, আশা-আকংক্ষা তথা সমৃদ্ধিৰ বাবে পালন কৰে তিহাৰ উৎসৱ৷ গাত-মাত, গোৰ্খা যুৱক-যুৱতীয়ে পৰম্পৰাগত সাজপোছাক পিন্ধি ওলাই আহে দেউছি আৰু ভইলী গীত-নৃত্য কৰি গৃহস্থৰ সু-স্বাস্থ্য, সমৃদ্ধি কামনা কৰে এই উৎসৱত৷
নেপালী সকলৰ তিহাৰ উৎসৱ এনেদৰেই পালন কৰিবলৈ ওদালগুৰি জিলাৰ ডিমাকুছিত ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ ডিমাকুছিত আঞ্চলিক গোৰ্খা ছাত্র সন্থাৰ উদ্যোগত আৰু শুক্লাই শাখা গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত অহা ১৯ নৱেম্বৰত শুক্লাই খুটিত অনুষ্ঠিত হ’ব নেপালী সকলৰ ৰমাইলো তিহাৰ উৎসৱ।
শুক্লাই খুটিৰ গোৰ্খা ভৱনত ডিমাকুছি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি কিশোৰ শিৱাকোটিৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেদাৰ ভাণ্ডাৰীক সভাপতি, ৰতন ঘিমিৰে, বিকাশ কটেলক উপ-সভাপতি, সুদৰ্শন ভূশালক কাৰ্যকৰী সভাপতি, মিলন শৰ্মাক সম্পাদক, কৃপাল ধামাল আৰু বিনোদ লমচালক সহঃ সম্পাদক হিচাপে লৈ অভ্যৰ্থনা সমিতি খন গঠন কৰা হয়। সভাত ডিমাকুছি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সম্পাদক নৃপেন ভুৰতেল, উপদেষ্টা কেদাৰ ভাণ্ডাৰী প্ৰমুখ্যে শতাধিক ৰাইজ উপস্থিত থাকে।