দিচাংমুখঃ স্বাধীন অসমৰ দাবীত পুনৰ অস্ত্ৰ হাতত তুলি লোৱাৰ হুংকাৰ দিছে আত্মসমৰ্পণকাৰী আলফাই ৷ আজি শিৱসাগৰত আত্মসমৰ্পণকাৰী আলফা সদস্যসকলে এক চাৰি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি এই কথা ঘোষণা কৰে ৷

যোৱা ২৫ বছৰে আত্মসমৰ্পণকাৰী আলফাসকলৰ সমস্যাক চৰকাৰে গুৰুত্ব দিয়া নাই বুলি ধৰ্মঘটকাৰীসকলে অভিযোগ উত্থাপন কৰে। লগতে তেওঁলোকৰ দাবী কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পূৰণ কৰিব পৰা নাই বুলি অভিযোগ কৰি স্বাধীন অসমৰ দাবীত পুনৰ সংগ্ৰাম কৰি যাব বুলি স্পষ্ট কৰি দিয়ে৷

অসমক জনজাতি স্বায়ত্বশাসিত ৰাজ্য  হিচাপে ঘোষণা কৰা, অৰুণাচল-নগালেণ্ডৰ আৰ্হিত অসমত ইনাৰ লাইন পাৰপত্ৰৰ ব্যৱস্থা কৰা, আত্মসমৰ্পণকাৰী  আলফা সদস্যসকলক আত্মসংস্থাপনৰ ব্যৱস্থা কৰা,

আদালতত চলি থকা গোচৰ নিষ্পত্তি কৰা, অসমৰ সকলো ভূমিপুত্ৰকে জনজাতি হিচাপে স্বীকৃতি দিয়া, অবৈধ বাংলাদেশী বহিস্কাৰ কৰা আৰু তৎকালে এনআৰচি উন্নীত কৰাৰ দাবী জনায় আত্মসমৰ্পণকাৰী আলফা সদস্যসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।