
newsnextone.com | চাবুৱা/কলিয়াবৰ/সৰুপথাৰঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে৷ মুঠৰ ওপৰত কোনেও বাদ পৰা নাই৷ অসমৰ দল-সংগঠন, শিল্পী সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰী, ছাত্ৰ-ছাত্ৰী ৰাজ পথলৈ ওলাই আহিছে৷ যেন অসম আন্দোলনৰ সেই সময় চোৱাহে৷
সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷ নাগৰিক সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহি গৰজি উঠিছে ৰাইজে৷
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ডিব্ৰুগড় জিলাৰ চাবুৱাত দেওবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে৷
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, সৰ্বানন্দ সোণোৱাল হায় হায়, এই বিধায়ক মানি নলও, কেন্দ্ৰীয় চৰকাৰ হায় হায় আদি শ্ল’গানেৰে চাবুৱাৰ ৰাজ পথলৈ ওলাইনেকা কৰ্মীয়ে কোনো কাৰণত এই বিধ্যয়ক মানি নোলোৱাৰ লগতে শীঘ্ৰে বাতিল কৰাৰ দাবী জনায়৷
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গোলাঘাট জিলাৰ সৰুপথাৰত আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ ধনশিৰি মহকুমা সমিতিৰ আহ্বানত ৰাজ পথলৈ ওলাই অহা ৰাইজে হাতে হাতে জোঁৰ লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাও কঁপাই তোলে৷
গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ নেতা কৰ্মীয়ে হাতে হাতে জোঁৰ লৈ অসম চৰকাৰ হায় হায়, এই বিধেয়ক মানি নলও আদি শ্ল’গান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ হিন্দু বাংলাদেশীক সংস্থাপন সন্দৰ্ভত সোণোৱাল চৰকাৰৰ শেহতীয়া স্থিতি ৰাজহুৱাকৈ কৰিবলৈ দাবী জনায় ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে৷
নগাঁও জিলাৰ কলিয়াবৰতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন প্ৰতিবাদী সভাত অসম সাহিত্য সভাকে ধৰি কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ লোক উপস্থিত থাকে৷ সভাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি শীঘ্ৰে বিধেয়ক বাতিল নকৰিলে অসমৰ দল-সংগঠনে বহি নাথাকিব বুলি কয়৷