
গুৱাহাটীঃ শেহতীয়াকৈ অসম গণ পৰিষদত যোগদান কৰা জাতীয়তাবাদী নেতা সুনীল ৰাজকোঁৱৰক কেন্দ্ৰীয় নেতৃত্বই গধুৰ দায়িত্বভাৰ প্ৰদান কৰিছে৷
আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অ গ পৰ সভাপতি অতুল বৰাই মঙলবাৰে ৰাজকোঁৱৰক কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ দায়িত্ব প্ৰদান কৰাৰ লগতে মুখপাত্ৰ পদত নিযুক্তি দিয়ে৷
উল্লেখ্য যে একালত দলটোৰ যুৱ পৰিষদক নেতৃত্ব দিয়া ৰাজকোঁৱৰে যোৱা শনিবাৰে পাঁচ শতাধিক সমৰ্থকক লৈ অ গ পত যোগদান কৰিছিল৷ ২০১৬ চনত অ গ পই বি জে পিৰ সৈতে মিত্ৰতা কৰাত ইয়াৰ বিৰোধিতাৰে তেওঁ অ গ প ত্যাগ কৰি আঞ্চলিকতাবাদী অ গ প নামৰ এটা দল গঠন কৰিছিল৷
নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাত ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পোৱা তৎপৰতাৰ সময়তে বলিষ্ঠ জাতীয়তাবাদী তথা নিকা ভাবমূৰ্তিৰ নেতাজনে অসমৰ আঞ্চলিক ৰাজনৈতিক দলটোত যোগদান কৰাত অ গ পৰ শক্তি বৃদ্ধি পোৱা বুলি বিবেচিত হৈছে৷