উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠত বিগত ৩ বছৰ ১০ মাহ ধৰি বন্দী হৈ আছে খিলঞ্জীয়াৰ ভাগ্য৷ 

৫ জনীয়া সাংবিধানিক বিচাৰপীঠেহে চূড়ান্ত কৰিব নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষ ১৯৪৮ নে ১৯৭১ 

 

newsnextoneতেজপুৰ ১০ অক্টোৱৰঃ বিদেশী বহিস্কাৰৰ ভিত্তিবৰ্ষ, অবৈধ বিদেশীৰ সন্তানৰ ভাৰতীয় নাগৰিকত্ব, হিন্দু বিদেশীক নাগৰিকত্ব প্ৰদান, খিলঞ্জীয়াৰ সুৰক্ষা ইত্যাদি বিষয়ত পুণৰবাৰ সৰৱ হৈ পৰিল অসম সন্মিলিত মহাসংঘ৷ মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ লগতে উচ্চতম ন্যায়ালয়ত দীৰ্ঘদিন ধৰি আইনী যুঁজ চলাই অহা গোচৰীয়া আহোম সভা, এন ডি এফ বি প্ৰগ্ৰেচিভ, ইণ্ডিজেনাচ ট্ৰাইবেল পিপুলচ ফ্ৰন্ট আৰু শ্বহীদ পৰিয়ালৰ হৈ গোবিন্দ বসুমতাৰী, প্ৰণৱ কুমাৰ মজুমদাৰ, ডাঃ বিশ্বৰঞ্জন কলিতা আৰু দীপক কুমাৰ নাথে বুধবাৰে  তেজপুৰত এক সংবাদমেলৰ আয়োজন কৰি অসমৰ খিলঞ্জীয়াৰ ভাগ্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ তথা এগৰাকী অসমীয়াৰ হাততে বন্দী হৈ আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷

তাৰোপৰি, সদ্য অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই চলিত বছৰৰ ৫ ফেব্ৰুৱাৰী, ৫ এপ্ৰিল আৰু ১৬ জুলাইত তিনিবাৰকৈ সাংবিধানিক বিচাৰপীঠ গঠন কৰি বিচাৰ অনুষ্ঠিত কৰিব বুলি ন্যায়ালয়ৰ মজিয়াত ঘোষণা কৰাৰ পিছতো সেয়া হৈ নুঠাতো দুৰ্ভাগ্যজনক আখ্যা দি ত্ৰিপুৰা পিপুলছ ফ্ৰন্টে ভাৰতৰ সৈতে ত্ৰিপুৰাৰ মহাৰাণী কাঞ্চন প্ৰভা দেৱীয়ে ১৯৪৮ ৰ ১৫ অক্টোবৰত কৰা চুক্তিৰ আধাৰত ত্ৰিপুৰাত নাগৰিকত্বৰ ভিত্তিবৰ্ষ সংবিধানমতে ১৯৪৮ ৰ ১৯ জুলাই বিচাৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰা গোচৰলৈ পূৰ্ণ সমৰ্থন জনাইছে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু এন ডি এফ বি প্ৰগ্ৰেচিভৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীয়ে৷

অপুৰ্ব বৰা,তেজপুৰ