
গুৱাহাটীঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সন্দৰ্ভত মতামত দিয়াত স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰিছিল উচ্চতম ন্যায়ালয়ে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত কোনো পক্ষৰ হস্তক্ষেপ সহ্য নকৰে ন্যায়ালয়ে৷ উচ্চতম ন্যায়ালয়ে আজি পুনৰ এই কথা স্পষ্ট কৰি দিয়ে৷
এনআৰচি সন্দৰ্ভত সততে সৰৱ ভূমিকা পালন কৰি অহা অসম পাব্লিক ৱাৰ্কছ চমুকৈ এপিডব্লিউৰ সভাপতি অভিজিত শৰ্মাই কিছুদিন পূৰ্বে এখন সংবাদমেল অনুষ্ঠিত কৰি এনআৰচি সন্দৰ্ভত কিছু তথ্য দাঙি ধৰিছিল৷ সংবাদমেলত উল্লেখ কৰা বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিতন ফলি নৰিমানৰ খণ্ড বিচাৰপীঠত আজি শুনানি অনুষ্ঠিত হয়।
শুনানিকালত আদালতে অসম পাব্লিক ৱাৰ্কছৰ সভাপতি অভিজিত শৰ্মাৰ বিৰুদ্ধে নিজাববীয়াকৈ আদালত অৱমাননাৰ গোচৰ পঞ্জীয়ন কৰি অহা চাৰি সপ্তাহৰ ভিতৰত কিয় শাস্তি দিব নালাগে তাৰ উত্তৰ প্ৰদান কৰিবলৈ অভিজিত শৰ্মাক জাননী জাৰি কৰে।
এখন শুদ্ধ নাগৰিকপঞ্জী সন্দৰ্ভত উচ্চতম ন্যায়লয়ত WP(C) No.274/2009 গোচৰ তৰিছিল অসম পাব্লিক ৱাৰ্কছৰ সভাপতি অভিজিত শৰ্মাই৷ সংবাদমেল আয়োজন কৰি ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ সন্দৰ্ভত কোনো কথা ক’বলৈ গৈ এনআৰচিৰ সমগ্ৰ প্ৰক্ৰিয়া সম্পৰ্কে মন্তব্য আগবঢ়োৱাৰ তথ্য আছে বুলি কয় আদালতে। অভিজিত শৰ্মাৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰি আদালতে এনআৰচি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ অথবা কোনো কৰ্তৃপক্ষ বা কোনো পক্ষৰ হস্তক্ষেপ সহ্য নকৰে বুলিও মতপোষণ কৰে।
আদালতে ৰাজ্যৰ আন এটা জ্বলন্ত সমস্যা সীমান্ত ছীল সন্দৰ্ভতো চিন্তা ব্যক্ত কৰে৷ মূলত অসম-বাংলাদেশ সীমান্ত ছীল সম্পৰ্কত প্ৰাক্তন গৃহ সচিব জি কে পিল্লাইক অধ্যক্ষ হিচাপে লৈ আয়োগ গঠন কৰা হৈছিল৷ কিন্তু প্ৰাক্তন গৃহ সচিবগৰাকীয়ে অধ্যক্ষৰ পদৰ দায়িত্ব পালন কৰিব নোৱাৰাৰ কথা কেন্দ্ৰীয় চৰকাৰক অৱগত কৰে৷ আজি আদালতে জি কে পিল্লাইৰ ঠাইত আন লোকৰ নাম আদালতক দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাক নিৰ্দেশ দিয়ে।
সীমান্ত সুৰক্ষা বাহিনীৰ অৱসৰ প্ৰাপ্ত সঞ্চালক প্ৰধান ডি কে পাঠক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক আব্দুল মান্নান সহিতে তিনিজনীয়া সমিতি আদালতে গঠন কৰি দিছিল। সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে এনআৰচি সম্পৰ্কত বিভিন্ন সময়ত একাংশ লোকে ৰাজহুৱাভাৱে বিভ্ৰান্তিকৰ মন্তব্য কৰি সমগ্ৰ প্ৰক্ৰিয়াটোকে ধূসৰ কৰিব বিচৰা বুলি কৈ আদালতৰ স্থিতিয়ে তেনে মানসিকতাৰ লোকক কিছু নিয়ন্ত্ৰণ কৰিব বুলিও কয়।
সংগঠনটোৱে কয় যে, অসমৰ জ্বলন্ত বিদেশী সমস্যাৰ চূড়ান্ত সমাধানৰ একমাত্ৰ পথ হৈছে শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণ। এই সন্দৰ্ভত সকলোৱে ৰাজনীতিৰ উৰ্ধত আহি ঐক্যবদ্ধ হৈ সকলো ভাৰতীয় অসমবাসীৰ নাম অন্তৰ্ভূক্তিৰে এক স্বচ্ছ আৰু শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণত সহযোগ আগবঢ়োৱা উচিত বুলি কয় সংখ্যালঘু সংগঠনটোৱে।
একাংশ লোকে নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে এনআৰচি সম্পৰ্কত কৰা বিৰূপ মন্তব্যই সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি চিন্তা ব্যক্ত কৰে আমছুৱে৷ এনে নিকৃষ্ট কাৰ্য্যৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনাই সংগঠনটোৱে। সীমান্ত ছীল কৰা সন্দৰ্ভত গঠন কৰিবলগা সমিতিখন শীঘ্ৰে গঠন কৰি পৰুৱা আহ-যাহ কৰিব নোৱাৰাকৈ সীমান্ত ছীল কৰিবলৈ আমছুৱে চৰকাৰক আহবান জনায়।