লংকাঃ সমগ্ৰ দেশত জিএছটি প্ৰযোজ্য হোৱাৰ পিছত পিছত দেৱী দুৰ্গা মণ্ডপৰ আৰ্হিতো জি এছ টিৰ প্ৰভাৱ দেখা গৈছে। হোজাই জিলাৰ হোজাই চহৰৰ মণ্ডপত আকৌ দেখা গল ভাৰতীয় সেনাৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ আৰ্হি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দুৰ্গা পূজা মণ্ডপৰ সৌন্দৰ্যৰ প্ৰতিযোগিতাত পিছ পৰি থকা নাই হোজাইৰ পূজাথলী সমূহো। 

বৰ্তমান সময় আৰু পৰিস্থিতিৰ লগত সামঞ্জস্য ৰাখি চহৰখনৰ পূজা মণ্ডপ সমূহৰ আৰ্হি তৈয়াৰ কৰা হৈছে। সমগ্ৰ হোজাই জিলাতে প্ৰায় ৩৫৬ খন ৰাজহুৱা পূজাৰ আয়োজন কৰিছে৷ কিন্তু সকলোৰে আৰ্হি  বেলেগ বেলেগ। তাৰে ভিতৰত লেখত ল’বলগীয়া আৰ্হি হ’ল হোজাই চহৰৰ গোবিন্দাপল্লীৰ জনতা বয়জ ক্লাৱৰ উদ্যোগত আয়োজিত পূজাথলী। 

জিএছটি, নোটবন্দী আৰু নগদবিহীন লেনদেনৰ ওপৰত বৰ্ণনা কৰি তৈয়াৰ কৰিছে পূজা মণ্ডপ আৰু হোজাই চহৰৰ মাজমজিয়াত হোজাই সাৰ্বজনীন দুৰ্গোৎসৱৰ উদ্যোগত আয়োজিত হোৱা ভাৰতীয় সেনাৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ আৰ্হিৰ মণ্ডপখনে সকলোকে আকৰ্ষণ কৰিছে। 

বৰ্তমানৰ উঠি অহা নৱ প্ৰজন্মৰ অনুপ্ৰেৰণা যোগোৱাৰ বাবে আৰু ভাৰতীয় সেনাৰ আত্মত্যাগৰ প্ৰতি শ্ৰদ্ধা জনাই এই আৰ্হি সমূহ প্ৰস্তুত কৰা হৈছে বুলি আয়োজক সকলে জানিবলৈ দিছে৷ হোজাইৰ সকলো পূজা মণ্ডপ সমূহতে স্বচ্ছতাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখি পূজা সমূহ চলাই যোৱা পৰিলক্ষিত হৈছে। 

ইফালে হোজাইৰ আদৰ্শ দুৰ্গা পূজা সমিতিয়ে ৫২ তম ওঠৰ হাতৰ দেৱী প্ৰতিমাৰে পূজা অৰ্চনা আৰম্ভ কৰিছে। ঠিক তেনেদৰে হোজাই নতুনবজাৰত মণিপুৰী সম্প্ৰদায়ৰ লোক সকলে স্থায়ী মন্দিৰত মণিপুৰী জনজাতীয় পোছাক পৰিধান কৰা দুটা হাত আৰু বাঘক বাহন হিচাপে ব্যৱহাৰ কৰা ইমা পানথৈবিৰ বিগত বৰ্ষৰ প্ৰতিমা যোৱা সন্ধিয়া বিসৰ্জন দি আৰু পুনৰ এটা বছৰৰ বাবে নতুন প্ৰতিমা স্থাপন কৰি মণিপুৰী পৰম্পৰা মতে পূজা অৰ্চনা আৰম্ভ কৰে।