
মুছলপুৰঃ বাগছা জিলাৰ শিমলা আৰক্ষীৰ অভিযানত আজি অস্ত্ৰসহ আত্মসমৰ্পণকাৰী এন ডি এফ বি কেডাৰ এজন গ্ৰেপ্তাৰ হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷
প্ৰাপ্ত বাতৰি মতে মাজ্ৰাবাৰীৰ গোপেন সিং ব্ৰহ্ম নামৰ আত্মসমৰ্পনকাৰী এন ডি এফ বি সদস্যজনক আজি নিজ ঘৰৰ পৰা নিৰাপত্তাৰক্ষীয়ে আটক কৰে ৷
আৰক্ষীয়ে তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত ঘৰৰ ওচৰতে পুতি থোৱা অৱস্হাত 7.62 এম এম এছ এল আৰ ৰাইফলসহ ৫ জাই সজীৱ গুলী উদ্ধাৰ কৰে।
তেওঁ এন ডি এফ বি হৈ থকা সময়ত ১৯৯৯ চনত ভূটানত দুই শতাধিক কেডাৰৰ সৈতে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।সম্প্ৰতি ধৃত কেডাৰজনক শিমলা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
ইফালে সদৌ অসম আত্মসমৰ্পণকাৰী এন ডি এফ বি কল্যাণ সমিতিৰৰ প্ৰচাৰ সচিব বাবুল বসুমতাৰীয়ে নিৰাপত্তাৰক্ষীয়ে কৰায়ত্ত কৰা গোপেন সিং ব্ৰহ্ম আত্মসমৰ্পণকাৰী এন ডি এফ বি কল্যাণ সমিতিৰ সৈতে জড়িত নাহয় বুলি স্পষ্ট কৰি দিছে।
তেওঁৰ কাৰ্যৰ সৈতে আত্মসমৰ্পণকাৰী এন ডি এফ বি ৰ কোনো যোগাযোগ নাই বুলিও উল্লেখ কৰে বসুমতাৰীয়ে।