15
Jun
2017

সৰভোগঃ বুধবাৰে সন্ধিয়া বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত নুনতোলা জামাই চৰৰ পৰা এজন সন্দেহযুক্ত বাংলাদেশীক আটক কৰে স্থানীয় আৰক্ষীয়।
প্ৰাপ্ত তথ্য মতে আটকাধীন লোকজন কেইদিনমান আগতে বাংলাদেশৰ জেনাইদহ জিলাৰ কাৰপাৰা গাঁৱৰ পৰা আহি নুনতোলাৰ জামাই চৰত বসতি স্থাপন কৰিবলৈ আহিছিল।
আৰক্ষীয়ে আটকাধীন ব্যক্তিজন দিদাৰ মণ্ডলৰ পুত্ৰ জচিম মণ্ডল (৩৫) বুলি জানিবলৈ দিছে। বৰ্তমান আৰক্ষীয়ে ব্যক্তিজনক সোধপোচ চলাই আছে।