
newsnextoneওডালগুৰি ৪ অক্টোবৰঃ তেজপুৰ ডিটেনচন কেম্পত এগৰাকী লোকৰ মৃত্যুক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। বিগত প্ৰায় তিনি বছৰ পূৰ্ৱে অবৈধ নাগৰিকৰ সন্দেহত আৰক্ষীয়ে ওদালগুৰি জিলাৰ ধনশ্ৰীখুটিৰ জব্বৰ আলী(৬৫) নামৰ এজন লোকক তেজপুৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল। কিন্তু লোকজনৰ আজি হঠাৎ হোৱা মৃত্যুক লৈ ওদালগুৰিৰ ধনশ্ৰীখুটিতত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।
স্থানীয় লোকৰ সূত্ৰই সাংবাদিকক জানিবলৈ দিয়া মতে সন্ধিয়া প্ৰায় ৬:৩০ বজাত মৃত লোকজনৰ প্ৰশাসনে মৃতদেহটো ধনশ্ৰীখুটিৰ গৃহত পৰিয়ালৰ লোকক চমজাই দিয়াৰ পাছত সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ। জব্বৰ আলীৰ মৃতদেহটো ধনশ্ৰীখুটিত উপস্থিত হোৱাৰ লগে লগে ৰাইজৰ মাজত মৃত্যুৰ কাৰণক লৈ ৰহস্যৰ সৃষ্টি হয়।
বিভিন্নজনে লোকজনৰ মৃত্যুৰ কাৰণক লৈ প্ৰশ্ন উত্থাপন কৰে। ইফালে ওদালগুৰি আৰক্ষীৰ এক সূত্ৰই সাংবাদিকক জানিবলৈ দিয়া মতে মৃত জব্বৰ আলীয়ে দীৰ্ঘদিন ধৰি হাপানী ৰোগত আক্ৰান্ত হৈ আছিল আৰু তেওঁৰ মৃত্যুৰ কাৰণ এই ৰোগ বুলি জনায়। মৃতদেহটো ধনশ্ৰীখুটিত উপস্থিত হোৱাৰ পাছত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। আজি নিশালৈ লোকজনৰ মৃতদেহ জানাজা দিয়া হব বুলি স্থানীয় লোকে জানিবলৈ দিয়ে যদিও বাতৰি লিখা পৰলৈ মৃতদেহৰ জানাজা সম্পন্ন হোৱা নাই।
অঞ্জনজ্যোতি শৰ্মা,ওদালগুৰি