
অভয়াপুৰীঃ আপুনি হয়তো বিভিন্ন সময়ত সেনাৰ অভিযানত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ধৰা পৰা শুনিছে৷ সন্ত্ৰাসবাদীৰ ধৰা পৰাৰ লগতে সন্ত্ৰাসবাদীৰ সৈতে বিদেশত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱা দেখিছে৷ নিউজ চেনেল-বাতৰি কাকত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ প্ৰতিচ্ছবি প্ৰত্যক্ষ কৰিছে৷
কিন্তু এইবাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা গ’ল এগৰাকী সেনাৰ অভিযানত ধৰা পৰা দুৰ্ধৰ্ষ উগ্ৰপন্থীৰ ক্ষেত্ৰত৷ সেনাই অভিযান চলাই ধৰা উগ্ৰপন্থীজনৰ পৰা বিস্কুট দুই পেকেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কেৱল বিস্কুটে নহয় এটি হস্ত নিৰ্মিত পিষ্টল, চাৰিজাই গুলী, টৰ্চ এটা, কপাহৰ লাডু এটা উদ্ধাৰ হয়৷
বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত খগৰপুৰ বজাৰৰ সমীপত সেনাৰ গাৰোৱাল ৰাইফলছ ডিভিজনে অভিযান চলাই এজন মালটা সদস্য আটক কৰিবলৈ সক্ষম হয়৷ সেনাই গোপন খবৰৰ ভিত্তিত অভিযান চলাই শুকুৰবাৰে দিনৰ প্ৰায় ১২.৩০ বজাত ছাইবুদ্দিন নামৰ মালটা সদস্যজনক ধৰবিলৈ সক্ষম হয়।
সদস্যজন ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত বাল্টিখোৱা গাঁৱৰ মজিবৰ ৰহমানৰ পুত্ৰ ছাইবুদ্দিন (২৮) বুলি জানিব পৰা গৈছে। আনপিনে আটকাধীন মালটা সদস্য জনক সোধ পোছৰ অন্তত উত্তৰ শালমাৰা আৰক্ষীক চমজাই দিয়ে সেনাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।