
লিডুঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ মাৰ্ঘেৰিটা মহকুমাৰ টিপং লালপাহাৰৰ পৰা আসাম ৰেজিমেন্টে সোমবাৰে নিশা অভিযান চলাই এনএছচিএন (কে)ৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত নিষ্ট চেমা নামৰ এজন লোকক ঘৰৰ পৰা উঠাই আনে।
সেনাৰ মতে, লালপাহাৰ অঞ্চলৰ বাসিন্দা প্ৰয়াত জুবলু চেমাৰ পুত্ৰ নিষ্ট চেমাই দীৰ্ঘদিন ধৰি অঞ্চলটোৰ বিভিন্ন ব্যৱসায়ীক উগ্ৰপন্থী সংগঠনৰ নামত ধন দাবী কৰি আহিছিল৷ চেমাৰ পৰা সেনাই ৫ লাখ ৩৯ হাজাৰ ৮৬৫ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
সেনাৰ ৩নং অসাম ৰেজিমেন্টে তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিপং লালপাহাৰ অঞ্চলত অতৰ্কিতে অভিযান চলাই নিষ্ট চেমা নামৰ লোক জনক ধৰিবলৈ সক্ষম হয়৷ অসম-অৰুণাচল সীমান্তৰ তিনিচুকীয়া জিলাৰ লেখাপানী জাগুন আদি অঞ্চলত ক্ৰমান্বয়েধন দাবীৰ ঘটনা বৃদ্ধি পাই আহিছে৷
আলফা, এনএছচিএনআইকে ধৰি বিভিন্ন উগ্ৰপন্থী সংগঠনে অঞ্চলটোত অপহৰণ, ধনদাবী, আক্ৰমণৰ দৰে ঘটনা অব্যাহত ৰখাৰ সমানে সমানে সেনা-আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ আনহাতে একাংশ লোকে নিষ্টৰ ঘৰত কোনো উগ্ৰপন্থীয়ে টতা খিনি থোৱাৰ সন্দেহ কৰে৷