
গুৱাহাটীঃ চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত আছুৰ কাৰ্যালয়ৰ ভিতৰৰ কেই খনমান ফটো আৰু এটি ভিডিঅ’ নিজৰ ফেচবুক টাইমলাইনত আপলোড কৰি জেলৰ ভাত খাইছিল এগৰাকী চক্ৰৱৰ্ত্তী উপাধিৰ থলুৱা লোকে৷ শিক্ষকতা কৰা লোকগৰাকী নলবাৰী জিলাৰ যদিও উক্ত ফটো কেই খন আছিল মৰিগাঁও জিলাৰ জাগীৰোডৰ৷ জাগীৰোডৰ আছু কাৰ্যালয়ৰ ফটো কেই খন আৰু ভিডিঅ’টো আপলোড কৰাৰ পিছতে ভাইৰেল হৈ পৰিছিল৷ আছুক কাঠঘৰাত থিয় হ’ব লগা হৈছিল৷ অৱশেষত উক্ত লোকগৰাকীক তথা শিক্ষকগৰাকীক বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে চাকৰিৰ পৰা নিলন্বন কৰে৷
এই কথা খোদ প্ৰকাশ কৰিছে শিক্ষকগৰাকীয়ে৷ প্ৰায় তনিনিমাহৰ অন্তত লোকগৰাকীক চাকৰিৰ পৰা নিলম্বন কৰে৷ ফেচবুকত চাৰিজন মানুহৰ নাম লিখি ৰঙাঘৰৰ আলহী হোৱাৰ লগতে চাকৰিৰ পৰা নিলম্বন হ’ব লগা হোৱা লোকগৰাকী হ’ল মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সৈতে জড়িত জ্ঞানেন চক্ৰবৰ্তী৷ তেও নলবাৰী জিলাৰ ৰাইটকুছি মজলীয়া বিদ্যালয়ৰ শিক্ষক৷ নলবাৰী চহৰৰ সমীপৰ বৰবৰীত ঘৰ যদিও জ্ঞানেন চক্ৰবৰ্তী নলবাৰী চহৰত ভাড়াতীয়া হিচাপে থাকে৷ সততে চৰকাৰৰ জনবিৰোধি নীতিৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত সৰৱ হৈ থকা লোকগৰাকীয়ে আক্ৰোসৰ বলি হৈ জেলত যাব লগা হোৱাৰ লগতে চাকৰিৰ পৰা নিলম্বন হ’ব লগা হয়৷ যোৱা ১৬ ছেপ্তেম্বৰত প্ৰভাৱশালী চাৰিগৰাকী লোকৰ নামৰ সৈতে লোকগৰাকীয়ে আপলোড কৰিছিল এখন ফটো আৰু ভিডিঅ’৷
কেপচন সহিতে ফটো আৰু ভিডিঅ’ আপলোড কৰাৰ পিছতে ৰাজ্যজুৰি হৈ চৈ লাগিছিল৷ "সমুজ্জ্বল ভট্টাচাৰ্য, দীপাংক নাথ, লুৰিণজ্যোতি গগৈ আৰু জাগীৰোড সমষ্টিৰ বিধায়ক পিযুষ হাজৰিকা আদি ডাঙৰীয়া সকলৰ শ্ৰীচৰণত ফটো দুখন আৰু ভিডিঅ দুটা নিবেদিলো। আমি অসমৰ ৰাইজ বৰ বুৰ্বক হৈ আছো নেকি হে? সিদ্ধান্ত অসমৰ ৰাইজলৈ এৰিলো৷" এই খিনি কথা লিখিছিল জ্ঞানেনে৷ আপলোড কৰা ফটোত দেখা গৈছিল এটি কোঠাৰ দুৱাৰখন খোলা আছে৷ কোঠাটোৰ ভিতৰত এখন দেৱালত আওজাই থোৱা আছে বাঁহৰ লাঠীত লগােৱা কেইখনমান পোষ্টাৰ৷ পোষ্টাৰ কেইখনত আছে কেইটামান শ্ল’গান৷
দেৱালত আওজাই থোৱা পোষ্টাৰত টেট শিক্ষয়িত্ৰীক কৰা হাৰাশাস্তিৰ বন্ধ হওঁক, বজৰং দল জিন্দাবাদ, নাৰীৰ ওপৰত অত্যাচাৰ বন্ধ কৰক আদি শ্ল’গান লিখা আছে৷ আনহাতে কোঠাটোৰ দুৱাৰৰ ওপৰ ফালে লিখা আছিল ‘কাৰ্যালয়, জাগীৰোড আঞ্চলিক ছাত্ৰ সন্থা’ বুলি৷ মানুহগৰাকীয়ে ফেচবুকত নিজৰ টাইমলাইনত এনেধৰণৰ ফটো, ভিডিঅ’ আপলোড কৰাত ব্যাপক চৰ্চালৈ আহে ফটোখন৷ মানুহগৰাকীয়ে ফেচবুকত ফটো খন আপলোড কৰাৰ লগে লগে বহু লোকে শ্বেয়াৰ কৰে৷ আন একাংশ লোকে মানুহগৰাকীৰ একাউন্টৰ পৰা ফটো খন ডাউনলোড কৰি নিজৰ নিজৰ ফেচবুক টাইমলাইনত আপলোড কৰি উত্থাপন কৰে নানা প্ৰশ্ন৷
ৰাজ্যৰ অন্যতম শক্তিশালী জাতীয়তাবাদী সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ ভিতৰত বজৰঙ দলৰ পোষ্টাৰ থকা পৰিলক্ষিত হৈছিল ফটোখনত৷ তাৰ পাছতে শ শ লোকে আছুক লৈ বিভিন্ন ধৰণে প্ৰশ্ন কৰিছিল৷ তাৰ পিছতে সক্ৰিয় হৈ পৰিছিল আছু৷ আছুৱে বিৰুদ্ধে তৰিছিল জ্ঞানেনৰ বিৰুদ্ধে গোচৰ৷ গোচৰৰ ভিত্তিত তদন্ত কৰি প্ৰশাসনে জ্ঞানেনক চাকৰিৰ পৰা নিলম্বন কৰে৷ বৃহস্পতিবাৰে জ্ঞানেনক নিলম্বন কৰাৰ পিছতে ফেচবুকত এটি আপডেট দিয়ে এনেদৰে 'অৱশেষত অসম চৰকাৰে মোক 'চাচপেণ্ড' কৰিলে! ধন্যবাদ 'আছু'! ধন্যবাদ 'মৰিগাঁও জিলা আছু'! ধন্যবাদ অসম চৰকাৰ"।