
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
নগৰবেৰাঃ ১৫ আগষ্টত কামৰূপ গ্ৰাম্য জিলাৰ বকো আৰক্ষী চকীৰ লক-আপত এগৰাকী যুুৱকৰ মৃত্যু হৈছিল৷ যুৱকগৰাকীৰ মৃত্যুৰ পাছতে উত্তপ্ত হৈ পৰিছিল নগৰবেৰা অঞ্চল৷ ঘটনাৰ উচিত তদন্তৰ দাবীত সোণতলী আৰক্ষী চকীত কেইবা শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷
প্ৰতিবাদকাৰীক ছমৰীয়া ৰাজহ চক্ৰ বিষয়া আৰু বকো আৰক্ষী চক্ৰৰ চক্ৰ পৰিদৰ্শকে যুৱকৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত কৰা হব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল। আৰক্ষীৰ উৰ্ধ্বতন কৰ্তৃপক্ষই আজি সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনিল শৰ্মা আৰু গৃহৰক্ষী জোৱান নাজিৰ আলীক চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে আন দুজন গৃহৰক্ষী জোৱানক ৰিজাৰ্ভ ক্লজ কৰে৷