প্ৰতিকী ফটো
প্ৰতিকী ফটো

বাইহাটা চাৰিআলিঃ শ্ৰেণীকোঠাত এগৰাকী ছাত্ৰক প্ৰহাৰ কৰি নিলম্বিত হয় এগৰাকী শিক্ষক৷ কামৰূপ গ্ৰাম্য জিলাৰ গাছবাৰী হাইস্কুলত নৱম ছাত্ৰক শ্ৰেণী কোঠাত নিৰ্মম ভাৱে প্ৰহাৰ কৰা  অশোক চৌধুৰী নামৰ শিক্ষকগৰাকীক কামৰূপ জিলা শিক্ষা বিষয়াই শনিবাৰে চাকৰিৰ পৰা নিলম্বন কৰে৷

অশোক চৌধুৰীক শিক্ষকগৰাকীক আই.এচ./কে.ডি.ডি./ই০১চাচপেনচন/১৬-১৭/৩৪৮১-৮৫  নিৰ্দেশ যোগে নিলম্বন কৰে শিক্ষকগৰাকীক। জানিব পৰা মতে, ১৭ নৱেম্বৰত গাছবাৰী হাইস্কুলৰ এজন নৱম শ্ৰেণীৰ ছাত্ৰক শ্ৰেণীকোঠাত শিক্ষক অশোক চৌধুৰীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল। শিক্ষকগৰাকীৰ প্ৰহাৰত ছাত্ৰজন চিকিৎসাধীন হ’ব লগা হৈছিল।

পাছত ছাত্ৰ জনৰ অভিভাৱকৰ আৱেদন আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিযোগৰ পাছত প্ৰধান শিক্ষকে ২২ নৱেম্বৰত বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক কৰ্মচাৰী গোট স্থানীয় ব্যক্তিৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰে। সভাত কেইবাটাও প্ৰস্তাৱৰ উপৰিও সভাত প্ৰধান শিক্ষক ভূপেন বড়োই এক প্ৰতিবেদন প্ৰস্তুত কৰি কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ হাতত অৰ্পন কৰে।

ইফালে অশোক চৌধুৰী নামৰ শিক্ষকগৰাকীৰ বিৰুদ্ধে কেইবাৰো বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ দি আহিছিল প্ৰধান শিক্ষকগৰাকীক।