
বাঘবৰঃ বান সাহায্যৰ পশু খাদ্য আত্মসাৎৰ অভিযোগত বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জনীয়া মৌজাৰ ১৮ নং চাৰ্জৰ গাওঁবুঢ়া আব্দুল কাদেৰ চৌধুৰীক তৎকালীনভাৱে কাৰ্য্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে। প্ৰাপ্ত তথ্য মতে, গাওঁবুঢ়া আব্দুল কাদেৰ চৌধুৰীয়ে চলিত বছৰৰ দ্বিতীয়টো বানপানীৰ সময়ত ৫০ বেগ পশু খাদ্য (চাপট) সংশ্লিষ্ট লাট মণ্ডলৰ পৰা গ্ৰহণ কৰিছিল।
ইয়াৰে কিছু বেগ বানপীড়িত পশু পালক সকলৰ মাজত বিতৰণ কৰে আৰু ১৩ বেগ আত্মসাৎ কৰে। নতুন প্ৰজন্মৰ প্ৰতিবাদী সচেতন যুৱক সকলে ভিতৰি ভিতৰি গোপনে অভিযান চলাই আত্মসাৎকৃত পশুৰ খাদ্য খিনি উদ্ধাৰ কৰি বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কণকণ শৰ্ম্মাৰ ওচৰত লিখিত অভিযোগ প্ৰদান কৰিছিল।
চক্ৰ বিষয়া গৰাকীয়ে এই বিষয়ে লাট মণ্ডলৰ দ্বাৰা চৰজমিন তদন্তৰ ব্যৱস্থা কৰিছিল। আনকি তদন্তত গাওঁবুঢ়া চৌধুৰীয়ে পশুৰ খাদ্য আত্মসাৎ কৰাৰ ঘটনাৰ সত্য প্ৰমাণিত হৈছিল যদিও এক অজ্ঞাত কাৰণত প্ৰথম অৱস্থাত জিলা উপায়ক্ত গৰাকীক বিষয়টো অৱগত কৰা হোৱা নাছিল।
উপায়ন্তৰ হৈ স্থানীয় ৰাইজ সংবাদ মাধ্যমৰ দ্বাৰস্থ হয়। খবৰ কাকতত বান সাহায্যৰ বিতৰণৰ খেলি-মেলিৰ বাতৰি প্ৰকাশ পোৱাত স্থানীয় প্ৰশাসন সক্ৰিয় হৈ পৰে আৰু জিলা উপায়ুক্তক বিতং প্ৰতিবেদন প্ৰদান কৰা হয়৷
এই মৰ্মে উপায়ুক্ত গৰাকীয়ে মে'মো নম্বৰ বি আৰ কে জি- ২৮/২০১৭/২০ তাৰিখ ০৭/০৯/২০১৭ যোগে তৎকালীনভাৱে কাৰ্য্যকৰী হোৱাকৈ অভিযুক্ত গাঁওবুঢ়াগৰাকীক চাকৰিৰ পৰা নিলম্বন কৰে।