নগাঁওঃ নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জিলা পানী আৰু অনাময় সমিতিৰ উদ্যোগত স্বচ্ছতা আৰু অনাময়ৰ ক্ষেত্ৰত এক সজাগতা বৃদ্ধিৰ বাবে ‘স্বচ্ছ ৰথ সপ্তাহ’ অনুষ্ঠিত হৈছে। যোৱা ১০ আগষ্টত নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা শুভাৰম্ভ হোৱা এই যাত্ৰাৰ ফ্লেগ অফ্ কৰে জিলা উপায়ুক্ত তথা জিলা পানী আৰু অনাময় সমিতিৰ সভাপতি চমছেৰ সিঙে।

কাৰ্যসূচীৰ প্ৰথম দিনা পুৱাৰ ভাগত স্বচ্ছ ৰথ উপস্থিত হয় নগাঁও চহৰৰ ৰহা আৰু বেবেজীয়াত। ৰহা পুৰণা চাৰিআলিত ৰহা চক্ৰ বিষয়া পল্লবী কছাৰীৰ উপস্থিতিত এখন সভাত সৰ্বসাধাৰণ ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ মাজত  স্বচ্ছতা আৰু অনাময় সম্পৰ্কে ৰূপায়িত হয় কেতবোৰ সজাগতামূলক কাৰ্যসূচী।

পৰৱৰ্তী সময়ত স্বচ্ছ ৰথ বেবেজীয়াত উপস্থিত হৈ এই অঞ্চলৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলৰ মাজত অনুৰূপ কাৰ্যসূচী ৰূপায়িত হয়। বিয়লিৰ ভাগলৈ নগাঁও চহৰত পৰিস্কাৰ পৰিছন্নতা, স্বচ্ছতা আৰু অনাময় সম্পৰ্কে কেতবোৰ বিশেষ সজাগতামূলক অনুষ্ঠান ৰূপায়ণ কৰে।

কাৰ্যসূচীত স্বেচ্ছাসেৱক ছাত্ৰ-ছাত্ৰী, একাংশ বে-চৰকাৰী সংস্থাৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগ নগাঁৱৰ কাৰ্য্যবাহী অভিযন্ত্ৰা কমল মেধি, সহকাৰী কাৰ্য্যবাহী অভিযন্ত্ৰা পংকজ বৰদলৈ, শাখা বিষয়া বিষ্ণু মেধি, জিলা পানী আৰু অনাময় সমিতিৰ পৰামৰ্শদাতা ৰেকিব আহমেদকে প্ৰমূখ্য কৰি বিভাগৰ আন বিষয়া কৰ্মচাৰীৰ লগতে বহু গণ্য-মান্য ব্যক্তিয়ে সক্ৰিয় অংশগ্ৰহণ কৰে৷