কাকপথাৰঃ প্ৰাক্তন মন্ত্ৰী তথা শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক জগদীশ ভূঞাৰ আহ্বান মৰ্মে আজি ধলা-শদিয়া সংযোগী দলং ড০ ভূপেন হাজৰিকা সেতুখ পৰিস্কাৰ কৰিবলৈ ওলাই আহে লোক৷

৭১ সংখ্যক স্বাধীনতা দিৱসৰ দিনা জিলাখনৰ সহস্ত্ৰাধিক ৰাইজে হাতে হাতে ঝাড়ু লৈ স্বচ্ছ ভাৰত অভিযান চলাই৷ দৰ্শনাৰ্থীসকলক দলংখনত জাৱৰ-জোথৰ নেপেলাবলৈ আহ্বান জনায় ভূঞাই।

শদিয়া সসমষ্টিৰ বিজেপি নেতা-কৰ্মী সহিতে শ' শ' ৰাইজে জগদীশ ভূঞাৰ এই ব্যতিক্ৰমী স্বচ্ছ ভাৰত অভিযানত অংশ লয়৷ দলংখনৰ দুয়োপাৰে শীঘ্ৰে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ নামফলক চৰকাৰে সংস্থাপিত কৰিব বুুলি কৈ জগদীশ ভূঞাই দৰ্শনাৰ্থীসকলক দলংখনত পেলনীয়া জাৰৰ-জোথৰ নেপেলাবলৈ আহ্বান জনায়।