গোলকগঞ্জঃ ২০১৪ চনৰ ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনটোতেই আৰম্ভণি হৈছিল নিকা ভাৰত গঢ়াৰ সপোন। নৰেন্দ্ৰ মোডীয়ে মহাত্মা গান্ধীৰ সপোনৰ ভাৰত গঢ়াৰ লক্ষ্যৰে আৰম্ভ কৰিছিল এই স্বচ্ছ ভাৰত অভিযানৰ। চতুৰ্থটো বৰ্ষত ভৰি দিলে এই অভিযানে। কিন্তু আজিকোপতি সম্পূৰ্ণৰূপে সফল কৰিব পৰা নাই দিও দেশৰ বিভন্ন প্ৰান্তত স্বচ্ছ আঁচনিয়ে গুৰুত্ব লাভ কৰিছে৷

তাৰ মাজতে স্বচ্ছ ভাৰত দিৱস উপলক্ষে মঙলবাৰে ধুবুৰী জিলাত প্ৰশাসনে পদযাত্ৰা উলিয়াই এই দিৱস পালন কৰে। জিলাখনৰ প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰৰ পৰা আৰম্ভ হোৱা পথযাত্ৰা উদ্ধোধন কৰে উত্তৰ-পূৱ উন্নয়ন দপ্তৰৰ সঞ্চালক তথা গ্ৰাম স্বৰাজ অভিযানৰ নোডেল বিষয়া ভি এল ৰাউই কুল্লাইয়ে। পদযাত্ৰাত বৃহৎ সংখ্যাক লোক অংশ লোৱাত সন্তুষ্টি প্ৰকাশ কৰি অচিৰেই ধুবুৰী জিলাক মুকলি মল ত্যাগ মুক্ত জিলা হিচাবে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰে নোডেল বিষয়া ভি এল ৰাউই কুল্লাইয়ে।

পদযাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ অবৰ সচিব এ কে সিঙে অংশ গ্ৰহণ কৰে। জিলা আৰক্ষী অধীক্ষক লংনিট টেৰাং, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী বিষয়া নছিমূল হক আৰু স্বচ্ছ ভাৰত অভিযানৰ জিলা নোডেল বিষয়া পৰাগমণি বৰা, স্থানীয় বিশিষ্ট চিকিৎসক ড০ দেৱময় সন্ন্যাল সহ গণ্য মান্য ব্যক্তি, ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰী সমদলত অংশ গ্ৰহণ কৰে। স্বচ্ছতাৰ হকে জন সজাগতা সৃষ্টিৰ বাবে সমদল কাৰীসকলে ৰাইজৰ মাজত প্ৰচাৰ পত্ৰ বিতৰণ কৰে।

ইফালে ধুবুৰী জিলাৰ প্ৰভাৰী কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত সচিব অতুল চতুৰ্বেদী, ড’নাৰ সঞ্চলক ৰাউই কুল্লাই আৰু গৃহ মন্ত্ৰণালয় অৱৰ সচিব একে সিঙে ধুবুৰী জিলাত বিভিন্ন ঠাইত চলি থকা চৰকাৰী আঁচনি আৰু কাৰ্যসূচী সমূহৰ পৰ্যবেক্ষণ কৰে। আগমণি, গোলকগজ্ঞ, বিলাসীপাৰা, গৌৰীপুৰ আদি ঠাই ভ্ৰমণ কৰি বিভিন্ন বিভাগে ৰূপায়ন কৰা আঁচনি সমূহৰ অগ্ৰগতিৰ বুজ লয়। বিষয়াসকলে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এখন বৈঠকতো মিলিত হয়৷